আঘোণ- ভাস্কৰ প্ৰিয়ম হাজৰিকা

Pc- অসমীয়া সাহিত্যৰ চানেকি
আঘোণ
ভাস্কৰ প্ৰিয়ম হাজৰিকা , কৰচুং সত্ৰ
আঘোণ মানে‌ বাখৰুৱা হাঁহি…
কৃষকৰ বুকুত বৈ অহা
অকৃত্ৰিম এক সোণোৱালী যাত্ৰা।
দাৱনী কাঁচিৰ শব্দত বৈ অহা
ভালপোৱাৰ এফাল।
হাঁচতী পাকলগা তামোলখনৰ
ৰাঙলী ওঠত বৈ অহা কবিতা।
ভঁড়ালবোৰ গাভৰু হয়
পিতাই চোতালত মৰণা আখৰাত।
আঘোণ মানে প্ৰাপ্তি,
উদং ভঁড়ালৰ দুখৰ সফল সামৰণি।