আঘোণ
চুইটী বৰা
প্ৰথম ষান্মাসিক ৰসায়ন বিজ্ঞানৰ ছাত্ৰী
আঘোণ মানেই
সোণবৰণীয়া গুটিধানৰ ভৰুণ পথাৰৰ
সোণোৱালী ৰিহা
আঘোণ মানেই
শাওনীয়া হাড়ভঙা পৰিশ্ৰমৰ
তিক্ত বিৰক্ত দেহত
সানি দিয়া সিক্ত আৱেশ
হেমন্তৰ হিমে ধুৱা পুৱা
দাৱনীয়ে কুমলীয়া ৰ’দৰ আমেজ লৈ
মুঠি মুঠি কৰি
আঁটি আঁটি বান্ধে
সোণবৰণীয়া মুকুতা
বেলি লহিওৱা বাটেৰে
বিৰিয়াৰ ভৰত সোণগুটিয়ে
নাচি নাচি আহে ভঁৰাল ঘৰলৈ
পেটৰ ক্ষুধাৰ অগনি নুমুৱাবলৈ।