আঘোণ
আয়নাল হক ,ধুবুৰী
খেতিটো নপতা বহু দিনেই হ’ল ৷
শীতাৰ্থ পুৱাৰ কোমল ৰ’দ জাক বিচাৰি
শালিকী চৰাইজনী নহাও বহু দিনেই হ’ল ৷
মৰণাত ৰঙা বগা গৰু হাল
নুঘুৰাও বহু দিন হ’ল
পিতাইৰ শেতেলিৰ
আঘোণৰ সোণোৱালী সপোনটিয়ে
এতিয়া সুখৰ জোনাকত
তৰা ফুল বাচিছে–!
দাৱনীৰ কাঁচিৰ কেচ কেচ শব্দৰ লহৰত
সোণগুটিবোৰে কঁকাল ভাঙিছে।
দেউতাৰ চোতালত
মৰণাৰ পাক উঠি
হেঁপাহৰ ঢল বাগৰিছে–!
বতাহত আঘোণৰ গোন্ধ
কঙালীৰ বিদায়,
ফল প্ৰাপ্তিৰ উৎসৱে
হৃদয় জুৰায়–।