আঘোণ – অনিতা গগৈ

PC - Facebook
আঘোণ
অনিতা গগৈ
আঘোণৰ সোণোৱালী পথাৰখন
 ভৰুণ হৈ পৰিছে পকা ধানে৷
হালিজালি থকা পকা ধানে
খেতিয়ক মনবৰ ককাইটিৰ
 মনলৈ আশাৰ ৰেঙনি আনিছে৷
ৰঙা মাটিৰে লিপি থোৱা  ভড়ালটোৱে
সোণগুটিলৈ অপেক্ষা কৰিছে ৷
মনবৰৰ মনটো উলাহতে নাচিছে ৷
অভাৱ অনাটনে জুৰুলা কৰা ঘৰখনত
সকলোৰে মনবোৰ উজ্জ্বলি উঠিছে
সকলোৰে মুখত হাঁহি বিৰিঙিছে ৷
 কিমান যে সপোন দেখিছে মনবৰে
এইবাৰ পোনাকণক ধান বিকি
 চুৱেটাৰ এটা দিব লাগিব
মানুহজনীৰ ঠাণ্ডাত কঁপি থকা
মনবৰ মনটোৱে নহহে
তাইকো এখন গৰম কাপোৰ দিব
হক তেওঁ  অলপ হ’লেওঁ অভাৱ গুচিব ৷