আঘোণৰ পথাৰত সোণবৰণীয়া ধানৰ
খিল খিল হাঁহি
মিতালি বৰঠাকুৰ ( আচাৰ্য ),মালিগাওঁ
আঘোণৰ সোণালী পথাৰ
মোৰ গাঁৱৰ সজল সপোন।
য’ত ঠোকে ঠোকে দো খাই থাকে
পকা ধানৰ লেছেৰীৰ উমাল মৰম।
বৈ পৰে সোণপাহিৰ লিহিৰি আঙুলিৰ পৰশ।
হেমন্ত ঋতুৰ আগমনৰ লগে লগেই নামি আহে আঘোণ। যাক ‘ মাৰ্গ শীৰ্ষ ‘ বুলিও কোৱা হয়। বঙালী পঞ্জিকা মতে আঘোণক অগ্ৰহায়ন বুলিও কোৱা হয়। অগ্ৰ অৰ্থাৎ প্ৰথম আৰু হায়ন অৰ্থাৎ বছৰ। বছৰৰ প্ৰথম শ্ৰেষ্ঠ মাহ হিচাপে আঘোণ অন্যতম । কিয়নো এই সময়তে প্ৰকৃতি সোণালী ধানেৰে উপচি পৰে। প্ৰকৃতিৰ প্ৰতিটো ঋতুৱে মানুহৰ মনৰ মাজলৈ অফুৰন্ত আনন্দ কঢ়িয়াই আনে। শৰতৰ সু কোমল আবেশৰ আলিংগনত সেউজীয়া পথাৰ সোণালী ধনেৰে দো খাই পৰে । গাঁৱৰ চিৰ সেউজ পথাৰ খনৰ ৰং বোৰ সেন্দুৰীয়া হৈ কৃষকৰ চকুত ধৰা দিয়ে ——
কুঁৱলীৰ উৰণী টানি আঘোণ নামে আহি
দুচকুত বিৰিঙী উঠে প্ৰাপ্তিৰ হাঁহি।
আঘোণৰ পথাৰত এতিয়া সোণোৱালী ধানৰ সম্ভাৰ। ৰূপৰ অফুৰন্ত সমাহাৰ লৈ নামি আহে আঘোণ। পকা ধানৰ গোন্ধত মতলীয়া হৈ পাহাৰৰ পৰা নামি আহে ৰং চঙীয়া ভাটো , ঘিলা হাঁহ , শৰালি আদি অলেখ চৰাই পথাৰৰ সোণালী ধাননিৰ বুকুলৈ।
বাৰিষাৰ ৰ’দ , ঘাম আৰু পৰিশ্ৰমৰ অন্ত পেলাই আঘোণে লৈ আহে কৃষকৰ জীৱনলৈ সুখৰ বতৰা। পকা ধানৰ ফুৰফুৰীয়া গোন্ধে মতলীয়া কৰে , ডেকা – গাভৰু সকলো ব্যস্ত হৈ পৰে শস্য ছপোৱাৰ অন্তহীন ব্যস্ততাত। ঘৰৰ জীয়াৰী বোৱাৰীয়ে লখিমীক আদৰিবলৈ ঘৰৰ ভঁৰালঘৰ ন কৈ মাটিৰে লিপি পবিত্ৰ কৰি তোলে। চোতালৰ বন – বাত নিৰাই গোবৰ মাটিৰে লিপি পৰিষ্কাৰ কৰি তোলে চৌপাশৰ পৰিবেশ।
কাতি মাহত পথাৰত বন্তি প্ৰজ্বলন কৰি লখিমী আদৰাৰ পাছত আঘোণ মাহত সোণালী ধান কটাৰ পৰ্ব আৰম্ভ হয়। আঘোণৰ পথাৰত এতিয়া ধান কটাৰ কেচ্ কেচ্ শব্দ। প্ৰতিঘৰ কৃষকৰ লখিমী আদৰা প্ৰস্তুতি তুংগত। ক্ৰমান্বৱে ডাঙৰী বন্ধা , মৰণা মৰা , চোতালত মেলি দিয়া আদি বিভিন্ন কাৰ্য্যত সকলো ব্যস্ত হৈ পৰে। আঘোণ মাহটো প্ৰতিজন অসমীয়াৰ বাবে শ্ৰেষ্ঠ মাহ। কিয়নো এই মাহতেই বছৰটোৰ বাবে লখিমী আনি ভঁৰালত আটোমটোকাৰিকৈ ৰখা হয় । আঘোণে কঢ়িয়াই আনে প্ৰাপ্তিৰ আনন্দ প্ৰতি ঘৰে ঘৰে।
ইয়াৰ পিছতে আঘোণ মাহতে ন- খোৱা পৰ্ব পতা হয়। গাঁৱৰ সকলো লগ লাগি মিলিজুলি নতুন চাউলেৰে আনন্দ ফুৰ্টিৰে এসাঁজ খোৱাৰ মাদকতাই সুকীয়া। প্ৰকৃততে এনেধৰণৰ আনন্দৰ মাজত নিহিত হৈ থাকে একতাৰ এনাজৰী , সম্প্ৰীতিৰ বাতৰি।
এনেদৰেই প্ৰতি বছৰে ঋতু পৰিৱৰ্তনৰ অবধাৰিত নিয়মৰ মাজতেই আঘোণ আহে আৰু যায়। মাথোঁ ৰৈ যায় আঘোণৰ পথাৰৰ মনোমোহা দৃশ্বৰ মন প্ৰাণ পুলকিত কৰাৰ এটি এটি মধুৰ ক্ষন । কিন্তু বৰ্তমান সময়ত দ্ৰুত গতিত আধুনিকতাৰ পৰশত কৃষিকৰ্মও আধুনিকিকৰন হৈ পৰিছে। যাৰ ফলত যান্ত্ৰিক পদ্ধতিৰে সহজে খেতি পথাৰৰ কাম সমাধা হৈছে। সাম্প্ৰতিক যুগত আঘোণৰ ৰং কিছু পৰিমাণে হেৰাই গৈছে যদিও এতিয়াও আঘোণ সহজ -সৰল গাঁও বাসীৰ বাবে স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ মাদকতা ভৰা আশাৰ আঘোণ। য’ত প্ৰতি বছৰে সোণালী আঘোনে ৰং ছটিয়ায়। সেয়ে আঘোণ হৈছে সেউজীয়াৰ পৰা সোণালী হোৱা প্ৰাপ্তিৰ লক্ষ্যৰে অবিৰত যাত্ৰাৰ এক সুবৰ্ণ দলিল।