আঘোণৰ পথাৰত বহিছে কিহৰ মেলা ?
নাছিৰ আহমেদ, শিমলাবাৰী গোৱালপাৰা
কুঁৱলী-সনা ৰাতিপুৱাৰ ৰ’দ কাচলিত বহি
কেঁচা হালধীৰ সোণামুৱা সুৰুযে শুধিলে-
” আঘোণৰ পথাৰত বহিছে কিহৰ মেলা ?”
টুনি চৰাইজনী পোৱালীদুটিক সাৱটি উৰা মাৰি
বতাহক কাণে কাণে কয়,” আঘোণৰ পথাৰত বহিছে
ডেকা গাভৰুৰ যৌৱনৰ উতলা মেলা। “
ডেকা গাভৰুৰ যৌৱনৰ উতলা মেলা। “
আজি দাৱনীৰ মুখত এমোকোৰা মিঠা মিঠা হাঁহি ,
হাতৰ মুঠিত আৰম্ভ হৈছে
চিকমিক চিকমিক ধৰাল কাচিৰ নাচোন ,
চিকমিক চিকমিক ধৰাল কাচিৰ নাচোন ,
নয়নযুৰিত নামিছে কামনাৰ জোনাকী ধল ,
বুকুত চপচপ কৰে এপিয়লা দ্ৰাক্ষাৰ ৰস ;
দুষ্ট বতাহে দাৱনীৰ বুকুৰ আঁচল খহায় !
আঘোণৰ পথাৰত বহিছে যৌৱনৰ উতলা মেলা ।
সন্তানৰ ভৰত দো খাই ভৰি ভূমিত পৰিছে
আঘোণৰ পথাৰত গৰ্ভৱতী সোণোৱালী ধাননি ডৰা
পাহোৱাল ডেকাৰ সুঠাম দেহাত উথলি উঠিছে
শৃঙ্গাৰ ৰসৰ নৃত্য-গীতৰ চঞ্চল চঞ্চল উন্মাদনা !
এতিয়া চাৰিওফালে বিয়পিছে ভোমোৰাৰ গুণগুণ ,
বন -ফৰিঙৰ বিচিত্ৰ গতি, সোণালী পখিলাৰ সৌন্দৰ্য্য,
ধাননিৰ পাতত নিয়ৰৰ উজ্জ্বল মুকুতা !
ধাননিৰ পাতত নিয়ৰৰ উজ্জ্বল মুকুতা !
আঘোণৰ পথাৰত বহিছে যৌৱনৰ উতলা মেলা।
দাৱনীৰ তামোলৰ পিকসনা ৰাঙলী ওঁঠত
মোক খা মোক খা আঘোণৰ সুগন্ধি- ভৰা আভা!
ডেকাৰ কান্ধত ওলমি থকা মেটমৰা ধানৰ বোজাত
বিয়পি পৰিল মন-প্ৰাণ উৰ্বৰ কৰা সৃষ্টিৰ প্ৰেৰণা !
আঘোণৰ পথাৰত বহিছে কিহৰ মেলা, সুৰুযে শুধিলে ।
টুনি চৰাইজনী পোৱালীদুটিক সাৱটি ধৰি লাজতে
উৰি উৰি গৈ বতাহক কাণে কাণে কয়
উৰি উৰি গৈ বতাহক কাণে কাণে কয়
” আঘোণৰ পথাৰত বহিছে ডেকা গাভৰুৰ যৌৱনৰ উতলা মেলা!”