আঘোণৰ পথাৰত কাৰ উঁচুপনি – নাছিৰ আহমেদ

আঘোণৰ পথাৰত কাৰ উঁচুপনি
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
আঘোণৰ পথাৰত কাৰ উঁচুপনি!
চপ চপ শব্দ কৰি নামি আহিল
এন্ধাৰৰ গহ্বৰৰ পৰা এক অশৰীৰী অতৃপ্ত আত্মা
বতাহৰ ঢৌ খেলি খেলি ——
শালিধানৰ চিকোন আলিত বহি বহি
মেলি দিলে দীঘল ক’লা চুলিটাৰি ;
যাৰ লিহিৰ লিহিৰ আঙুলিত
নাচি উঠিল কেঁচা মাটিৰ গোন্ধ ভেদি
সেউজ সুন্দৰ কেঁচা পাতৰ কঁপনি!
আঘোণৰ পথাৰত ভৰি পৰিল
সূৰুযৰ ৰ’দ কাঁচলি সোণোৱালী হাঁহি।
 ৰাংঢালী ষোড়শীৰ হাতত নাচি উঠিল
চিকমিক চিকমিক কাঁচিৰ সাজোন-কাচন !
বগী দাৱনীৰ মুখত ঢেক ঢেক হাঁহি।
উদং গাৰে ধানৰ ডাঙৰী কঢ়িওৱা
পাহুৱাল ডেকাৰ বাহুত মত্ত হাতীৰ বল।
ঘৰে ঘৰে ন খোৱাৰ আনন্দত আত্মহাৰা
গাঁৱৰ জীয়ৰী -বোৱাৰী ।
চেঙেলীয়া ডেকাৰ বুকুত ডুব যায়
ৰাস-পূৰ্ণিমাৰ মধুৰ যামিনী ।
প্ৰকৃতিৰ মনোমোহা ৰঙীন স্বপ্নত বিভোৰ
একো একোজন যেন ৰাধা-কৃষ্ণ!
তাৰ পিছত!
পট পৰিৱৰ্তন!
সময় পাৰ হৈ গ’ল দুৰন্ত গতিত ——-
আঘোণৰ পথাৰত নামি আহিল কাৰ উঁচুপনি ?
কোনে কাঢ়ি নিলে
সৌৰভ বিলোৱা সৌন্দৰ্য্যৰে ভৰপূৰ শইচৰ ৰসাল পথাৰখনি ?
এতিয়া চাৰিওফালে বিয়পি আছে মাথোঁ জুইৰ লেলিহান!
দপ্ দপকৈ আছে জ্বলি শাৰী শাৰী শ্মশানৰ চিতা আৰু সমাধিৰ থলি।
চপ চপ শব্দ কৰি নামি আহিল
ন্ধাৰৰ গহ্বৰৰ পৰা অশৰীৰী অতৃপ্তআত্মা!
শালিধানৰ চিকোন আলিত বহি বহি
মেলি দিলে দীঘল ক’লা চুলিটাৰি ;
যাৰ উদ্ভ্ৰান্ত দুচকুত প্ৰতিশোধৰ অগ্নিশিখা!!