আঘোণৰ পথাৰখন
বিশ্বজিৎ বৈশ্য
বংশৰ (শুৱালকুছি)
এতিয়া পথাৰৰ চৌপাশৰ পৰিবেশটো সঁচাকৈয়ে মোহনীয়। গেৰ ধৰা সোনগুটি পথাৰৰ পৰা ঘৰলৈ নিয়াৰ সময়। হেঁপাহৰ আঘোনৰ পথাৰখনৰ মাজত লুকাই আছে চহা অসমীয়াৰ সপোন। শাওন মাহত ভূই ৰুই আঘোনত সোনগুটি অৰ্থাৎ লখিমীক আদৰে ভঁৰাললৈ। চহা অসমীয়াৰ ব্যস্ততাপূৰ্ণ মাহটোৱে হল, আঘোন মাহ। আঘোনৰ পথাৰত মতলীয়া হৈ দাৱনী সকলে গীত জুৰে-
“আঘোনৰে পথাৰত পকাধানে ৰিঙিয়াই
চৰাইয়ে খুটিয়াই খাই…..”
এই সময়চোৱাত ব্যস্ত হৈ পৰা দেখা যায় গাঁৱৰ ঘৰৰ সৰুজনৰ পৰা বৃদ্ধ জনলৈ সকলোকে। কোনোবাই যদি পথাৰত চাহ দিব গৈছে কোনোৱাই ভাত, কোনোৱাই আকৌ তামোল-পাণ মুঠতে ব্যস্ততাই ব্যস্ততা। প্ৰখৰ ৰ’দকো নেওচি ধান কটাত ব্যস্ত হৈ পৰে দাৱনীসকল। দুপৰীয়া একেলগে বহি আঘোনৰ পথাৰত লগভাত খোৱা মজাও সুকীয়া। মাদকতাৰে ভৰা এই পথাৰখন চাইযেন থৰ হৈ পৰে চকুযুৰি। ৰ লাগি চাই ৰৈ যায় বাটৰুৱাই। নিজৰ ম’বাইল ফোনটোত যেন একপি ফটো উঠাই সাচি ৰখিবৰ চেষ্টা হেঁপাহৰ ধাননি পথাৰখনৰ। শ্ৰদ্ধাৰ শিল্পী, গীতিকাৰ ৰুদ্ৰ বৰুৱাই গাই যোৱা-
“পকা ধানৰ মাজে মাজে সৰু সৰু আলি অ
সৰু সৰু আলি….. “
এই শব্দবোৰে যেন আমাক বুজাই দিছে ইয়াৰ তাৎপর্য। প্ৰখৰ ৰ’দত আলিত বহি দাৱনীসকলে ৰবাব টেঙাৰ জুতি লোৱাৰ আনন্দও সুকীয়া। আচলতে আঘোন মানেই সগৰ্ভা পৃথিৱী….
ভঁৰাললৈ লখিমীৰ শুভ আদৰণি ।