আঘোণৰ এখন হেৰাই যোৱা  – নিবেদিতা হাজৰিকা

Pc Anubhobor Koroni

আঘোণৰ এখন হেৰাই যোৱা 

নিবেদিতা হাজৰিকা
 লখিমপুৰ

অসমীয়া গ্ৰাম্য জীৱনত আঘোণ মাহটোৰ গুৰুত্ব অপৰিসীম । এই আঘোণ মাহটো বহু ব্যস্ততম সময়। পৰম্পৰা  অনুসৰি আঘোণ মাহ সোণগুটি চপোৱাৰ সময়।

আঘোণ মানেই যেন প্ৰাপ্তিৰ আনন্দ , আশাৰ বতৰা। আঘোণৰ সোণোৱালী পথাৰখনে কৃষকক ৰিঙিয়াই মাতে। মূৰৰ ঘাম মাটিত পেলাই আঘোণ মাহতে কৃষকে বছৰটোৰ বাবে সোণগুটি চপাই আনে।এই মাহতে শস্যৰে কৃষকৰ ভঁৰাল ভৰি পৰে। কৃষকে  সেই খেতিৰ ধান মুঠি আকাৰে কঢ়িয়াই আনে আৰু ঘৰৰ চোতালত গৰুৰ সহায়ত   মৰণা মাৰি সেই ধান ৰ’দত শুকুৱাই বছৰটোলৈ  সামৰি থয়।

কিন্তু আজি  একালৰ চিৰ পৰিচিত আঘোণৰ সেই দৃশ্য যেন চকুৰ আগতে নোহোৱা হৈ যাব ধৰিছে।শাওণৰ শ্ৰমবোৰ সোণগুটি ৰূপে আদৰি আনি চোতালত মৰণা মাৰি থোৱাৰ দৃশ্যটো এটা সময়ত প্ৰায় সকলোৰে ঘৰতে দেখা পোৱা সুলভ  দৃশ্য আছিল ।যিখন ছবিত জীৱন্ত হৈ উঠিছিল   চহা অসমীয়াৰ  প্ৰকৃত জীৱন। পুৱাৰ শান্ত – সমাহিত পৰিৱেশত গৰুৱে মৰণা মাৰি থকা  নয়নাভিৰাম দৃশ্য  দেখিবলৈ  এক প্ৰকাৰ নোহোৱাই হ’ল বুলি  ক’ব পাৰি। মৰণা মৰাৰ সময়ত লোৱা ৰঙা চাহ ,পানী পিঠাৰ জুতি আজিৰ প্ৰজন্মই হয়তো দেখাও নাই ,সেই সোৱাদ পোৱাও নাই। সময়ৰ সোঁতত  এনে দৰেই  চহা জীৱনৰ  অনুভূতি  বিজড়িত হৈ থকা বহু দৃশ্যই যেন দেখিবলৈ নোহোৱা হ’ল ।এছাৰি , মোখোৰা , ওখোন আদিও দেখিবলৈ নোহোৱা হ’ল বুলি ক’ব পাৰি।কিমানৰ মনত আছে মৰণাৰ কাষত বহি খোৱা চাহ কাপৰ সোৱাদ? এঘৰৰ খেতি শেষ হ’লে আন ঘৰলৈ গৈ সহায় কৰা, মৰণা আদিত লাগি দিয়াৰ পৰম্পৰাও লাহে-লাহে হেৰাই যাব ধৰিলে। এঘৰৰ চোতালত মৰণা পেলাই থোৱা দেখি উপযাচি আহি সহায় কৰাৰ উদাহৰণ অলেখ শুনিবলৈ পোৱা যায়।

মৰণা মৰাৰ দৃশ্য অসমৰ শ্ৰম জীৱী কৃষক সমাজৰ  চিৰ পৰিচিত সুলভ দিশও  কালৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম হ’ল। বলধ গৰু যুটি হাল বাবলৈ, মৰণা মাৰিবলৈ এতিয়া মানুহৰ সময় নোহোৱা হ’ল। বিজ্ঞান – প্ৰযুক্তিয়ে যেন সকলো নোহোৱা কৰিলে।নতুন- নতুন যন্ত্ৰৰ আৱিষ্কাৰে মানুহৰ জীৱন সলনি কৰি তুলিলে সঁচা কিন্তু মাদকতা ভৰা কিছুমান দৃশ্য  স্মৃতিলৈ পৰিণত হ’ল। ঠিক যিদৰে আঘোণ  মাহৰ মৰণা মৰাৰ দৃশ্য আজি এক প্ৰকাৰ দুৰ্লভ হৈ পৰিল। কোনো -কোনো ঠাইত অৱশ্যে আজিও গৰুৰেই মৰণা মাৰে যদিও এই সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা ।এদিন অসমৰ মানুহে ধান চপাই দাঙৰিবোৰ  ৰ’দ বতৰত চোতালত মেলি আবেলি বা সন্ধিয়া সময়ত মৰণা মাৰিছিল বুলি কোৱা কথাষাৰ  বহুতৰ সাধু কথা যেন লাগিব আৰু বহুতৰ বাবে ই এক মধুৰ স্মৃতি হৈ ৰ’ব। আধুনিক যান্ত্ৰিকতাৰ আগ্ৰাসনত  গাঁও সমূহৰ চিনাকি বহু ছবি ,পৰিৱেশ সলনি হৈ গ’ল।হেৰাই গ’ল এই সমূহৰ লগত জড়িত হৈ থকা আবেগ। সময়ৰ সোঁতত ক্ৰমাৎ এখন এখন  চিনাকি ছবি যেন পাহৰণিৰ গৰ্ভত।মনত পৰিব মৰণা মৰা দিনবোৰলৈ। সঁচাই উভতি যাবৰ  মন যায় সেই দিনবোৰলৈ।