আঘাত প্ৰাপ্ত এটি কবিতা
বাহাৰুল ইছলাম
বালিজান, মৰিগাঁও
নান্দনিক আবেলি এটিৰ কোঁচত আহিল
আঘাত প্ৰাপ্ত এটি কবিতা
মূৰত আঘাত,ভৰিত আঘাত
বুকু ফাটি বৈ গৈছে তেজ
জুৰুলা-জুৰুল হৈ আহিছে
একে কোবে মোৰ নয়ন দুটাক
চাই পঠালোঁ
সিহঁতে হেনো হাওমাওকৈ কান্দিছে
সুধিলোঁ কি হ’ল?
সিহঁতে মোৰ বুকুত ক’লে
কবিতা নিৰ্যাতনৰ কথা
হাৰাশাস্তিৰ কথা, জুলুম -অত্যাচাৰৰ কথা
সিহঁত বৰ শংকিত আৰু অৱহেলিত
কবি সকলো বোলে সমানে আঘাত প্ৰাপ্ত
হৃদয় ভাঙি টুকুৰা টুকুৰ হয় প্ৰতি নিতে।
কবিতাক সুধিলোঁ, “তোমাৰ জানো হৃদয় আছে?”
বিষাদৰ বতাহত হাবাথুৰি খায় ততাতৈয়াকৈ ক’লে
মোৰ স’তে সংযুক্ত হৈ থাকে
“প্ৰতিজন নিপিড়িত লোকৰ আত্মা
প্ৰতিজন অত্যাচাৰিত ব্যক্তিৰ হুমুনিয়াহ
কিম্বা নিষ্পাপ-নিৰ্দোষী সকলৰ তনু-মন
সিহঁতে কান্দিলে মই কান্দোঁ
সিহঁতে হাঁহিলে মই হাঁহো
আৰু সিহঁতৰ হৈ যুঁজিম চিৰদিন।
যুঁজি যুঁজি আজি আঘাতপ্ৰাপ্ত
যুঁজি যুঁজি আজি মই ৰক্তাক্ত
কিন্তু এয়াই শেষ নহয়
যুঁজিম প্ৰেমেৰে, যুঁজিম বিশ্বাসেৰে
যুঁজিম চন্দ্ৰ, সূৰুয থকালৈ
যুঁজিম জগতৰ মানুহৰ বাবে
আৰু মানুহ থকালৈ।”