আঘাতৰ বাবে আইপিএলৰ পৰা বাদপৰিল আকাশদীপ
ৰঙিলী বাৰ্ত্তাসেৱা- ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া বিচিচিআইৰ ঐশ্বর্যশালী প্রতিযোগিতাখনৰ পূর্বে আঘাতৰ সমস্যাত ভুগিছে কলকাতা নাইট ৰাইডাৰ্ছ। হৰ্ষিত ৰানাৰ পিছত এইবাৰ আঘাতৰ বাবে আইপিএলৰ পৰা বাদ পৰিল আকাশদীপ। কেকেআৰৰ এজন শীর্ষ বিষয়াই আকাশদীপ বাদ পৰাৰ কথা নিশ্চিত কৰিছে। তেওঁ কয় যে আঘাতৰ বাবে আকাশদীপক সমগ্র আইপিএলৰ পৰা বাদ দিয়া হৈছে। যিটো সঁচাকৈয়ে দুর্ভাগ্যজনক। যোৱা বছৰৰ মিনি নিলামত কেকেআৰে এককোটি টকাৰ ভিত্তি মূল্যত বাছি লৈছিল ২৯ বছৰীয়া পেচাৰগৰাকীক। ১৮ মাৰ্চৰ পৰা কলকাতাত আৰম্ভ হৈছে দলটোৰ প্রশিক্ষণ শিবিৰ। ইপিনে শ্রীলংকাৰ পেচ বলাৰ মাথিছা পাথিৰানা কেতিয়া উপলব্ধ হ’ব সেয়া অনিশ্চিত। শ্রীলংকাই ব’ৰ্ডৰ পৰা ক্লীয়াৰেঞ্চ বিচাৰিছে যদিও এতিয়াও লাভ কৰা নাই। ২৯ মাৰ্চত কেকেআৰৰ প্ৰথমখন খেল মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে।
