আগিয়া বালিজানা আঞ্চলিক মহিলা সমিতিয়ে হত্যাকাৰী কৰায়ক্ত নকৰাত আগিয়া থানা উত্তপ্ত পৰিস্থিতি 

Pc- The Indian Express

আগিয়া বালিজানা আঞ্চলিক মহিলা সমিতিয়ে হত্যাকাৰী কৰায়ক্ত নকৰাত আগিয়া থানা উত্তপ্ত পৰিস্থিতি 

ৰঙিলী বাৰ্ত্তাসেৱা-  আগিয়া থানাৰ অন্তৰ্গত বুধিপিৰাৰ ১নং জংগলব্লক বঙালি বস্তিত যোৱা ২ ছেপ্টেম্বৰ দিনা বঙাইগাও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত ঘিলাগুৰী দ্বিতীয় খণ্ডৰ গীৰেন মণ্ডলৰ পুত্ৰ সুকুমাৰ মণ্ডল (২২)নামৰ যুৱক এজনৰ উৱলি যোৱা মৃতদেহ আগিয়া থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ।প্ৰাপ্ত বাতৰি অনুসৰি,স্থানীয় শিশু কেইজনমানে মাছ মাৰিবলৈ যোৱা সময়ত মৃতদেহটো প্ৰত্যক্ষ কৰে ।পিচত স্থানীয়লোকে আৰক্ষীক খবৰ দিয়াত আগিয়া থানাৰ আৰক্ষীয়ে গাওখনত উপস্থিত হৈ হাবিৰ জোপোহা গছ এজোপাত ডিঙিত ৰছিৰে ফাঁচ লগোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে ।মৃতদেহৰ মোবাইল ফোন আৰু খালী বেগত থকা আধাৰ কাৰ্ডৰ ভিত্তিত যুৱকজনক আৰক্ষীয়ে চিনাক্ত কৰি পৰিয়ালক খবৰ দিয়ে ।যুৱকজনে কি কাৰণত কি পৰিস্থিতিত আত্মহত্যা কৰিলে নে কোনো অজ্ঞাত দুস্কৃতিকাৰীয়ে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিলে সেয়া  স্পষ্ট হোৱা নাছিল ।অৱশ্যে আৰক্ষীয়ে তেতিয়া প্ৰেমজনিত কাৰণতে যুৱকজনে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছিল ।যদিও আজি মৃতদেহ উদ্ধাৰ হোৱাৰ পৰা ছয় দিনৰ অন্তত যুৱকজনৰ আত্মহত্যা যে স্বাভাৱিক নাছিল সেয়া ওলাই পৰিছে ।মৃত যুৱকজনৰ পিতৃ গিৰেন্দ্ৰ মণ্ডলক লগত লৈ আজি সন্ধিয়া ৬.৩০ বজাত আগিয়া বালিজানা আঞ্চলিক মহিলা সমিতিৰ একাধিক সদস্যই আগিয়া থানাত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।মহিলা সমিতিয়ে অভিযোগ কৰা মতে যুৱকজনক হত্যা কৰি ফাঁচিৰ ৰূপ দিয়া হৈছিল ।মহিলা সমিতিয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ।যুৱকজনৰ পিতৃ গিৰেন্দ্ৰ মণ্ডলে আজি এক নং জংগল ব্লকৰ একেটা পৰিয়ালৰে চাৰিগৰাকী আচামীৰ বিৰুদ্ধে আগিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।