আগিয়াত জে.এন.মেমোৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সংবাদমেল
ৰঙিলী বাৰ্ত্তাসেৱা- আগিয়া যোগেন্দ্ৰ নাথ মেমোৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ উদ্যাপন সমিতিয়ে এক সংবাদমেল আয়োজন কৰে ।সংবাদমেল সম্বোধন কৰি উদ্যাপন সমিতিৰ সভাপতি হেমেন ৰায়ে দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’বলগা সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীৰ সম্পৰ্কে অৱগত কৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলস্থ ৰাইজৰ পূৰ্ণ সহায়-সহযোগিতা কামনা কৰে ।ইয়াৰপিছত উদ্যাপন সমিতিৰ উপদেষ্টা তথা বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ জয়চন্দ্ৰ নাথে মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ যাৱতীয় ব্যৱস্থা হাতত লোৱা বিষয়ে জানিবলৈ দিয়ে ।বৰ্ষটোৰ কাৰ্য-পৰিকল্পনা অনুসৰি বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত ৰাজেন্দ্ৰ নাৰায়ন দাসৰ আৱক্ষ প্ৰতিমূৰ্তি পৰিয়ালৰ অৰ্থ সাহায্যৰে নিৰ্মান,আধাৰুৱা হৈ থকা বিশাল প্ৰেক্ষাগৃহ ৰাভা হাছংৰ অৰ্থ সাহায্যৰে সম্পূৰ্ণ নিৰ্মাণ,পতাকা উত্তোলন বেদী,ছহিদ বেদী আদিৰ উপৰিও গোৱালপাৰা জিলা চাৰিটা সমষ্টিৰ বিধায়কে যৌথভাবে ছাত্ৰীৰ কমন ৰূম নিৰ্মাণৰ বাবে আগবঢ়োৱা ৮ লাখ টকা আৰু ৩৭ নং গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ বিধিয়ক এ কে ৰছিদ আলমে নিজৰ বিধায়ক পুঁজিৰ পৰা বিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে আগবঢ়োৱা ১৫ লাখ টকা সংবাদমেল যোগে ৰাইজক অবগত কৰে ।শৈক্ষিক দিশত এইখন বিদ্যালয়ৰ পৰা সুনাম অৰ্জন কৰি যোৱা মনজিৎ নাথ,ব্ৰুহিদ ৰাভা আৰু নাট্য চৰ্চাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় খ্যাত প্ৰয়াত শুক্ৰাচাৰ্য্য ৰাভা,চিত্ৰশিল্পী মুবীন ৰাভাৰ কথা বিশেষভাবে উল্লেখ কৰে ।বৰ্তমান পৰিস্থিতিত ব্যক্তিগত বিদ্যালয়ৰ অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰজত জয়ন্তী বৰ্ষ সফলতাৰে পালন কৰি বিদ্যালয়খনৰ পূৰ্বৰ গুণ-গৰিমা গুৰাই অনাৰ প্ৰয়াস কৰা হৈছে বুলিও সংবাদমেলত দোহেৰে । সংবাদমেলত বিদ্যালয়ৰ অধ্যক্ষ আব্দুল হক উদ্যাপন সমিতিৰ সম্পাদক দ্বয় সঞ্জীৱ দাস,দীপক নাথ আৰু জ্যেষ্ঠ নাগৰিক পদ্মবাহাদুৰ গুৰং উপস্থিত থাকে ।