আগন্তুক মহিলা টি-২০ বিশ্বকাপ ২০২৪ ৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা

আগন্তুক মহিলা টি-২০ বিশ্বকাপ ২০২৪ ৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা–  ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আগন্তুক মহিলা টি-২০ বিশ্বকাপ ২০২৪ ৰ বাবে ১৫ জনীয়া দলটো ঘোষণা কৰে।হৰমনপ্ৰীত কৌৰক  দলটোৰ অধিনায়কৰ দায়িত্ব অৰ্পণ প্ৰদান কৰা হৈছে। আনহাতে, অপেনাৰ স্মৃতি মন্ধানাক দিয়া হৈছে সহ-অধিনায়কৰ দায়িত্ব ৷ভাৰতীয় দলটোৱে প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰাৰ আশাৰে খেলিব টি-২০ বিশ্বকাপত অংশ ল’ব। ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হ’ব এইবাৰৰ মহিলা টি-২০ বিশ্বকাপ।মহিলা টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় মহিলা দলটোত আছে হৰমণপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (সহ-অধিনায়ক), শ্বেফালী ভাৰ্মা, দীপ্তি শৰ্মা, জেমিমা ৰড্ৰিগেজ, ৰিচা ঘোষ (উইকেটকীপাৰ), য়াস্তিকা ভাটিয়া (উইকেটকীপাৰ), পূজা ভস্ত্ৰাকাৰ, অৰুন্ধতী ৰেড্ডী, ৰেণুকা সিং ঠাকুৰ, দয়ালন হেমালতা, আশা শোভানা, ৰাধা যাদৱ, শ্ৰেয়ংকা পাটিল, সজনা সাজীৱন। হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত গঠিত এই দলটোত অসম সন্তান উমা ছেত্ৰী (উইকেটকীপাৰ), তনুজা কানৱৰ, ছাইমা ঠাকুৰক ৰিজাৰ্ভ খেলুৱৈ হিচাপে বাছনি কৰিছে। মূল দলত স্থান লাভ কৰিলবলৈ সক্ষম নহ’ল যদিও ৰিজাৰ্ভ খেলুৱৈ স্থান লাভ কৰে উমাই। কিন্তু আঘাতৰ মাজতো ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে উইকেটকীপাৰ য়াস্তিকা ভাটিয়া আৰু শ্ৰেয়ংকা পাটিলে। যদিহে য়াস্তিকা ভাটিয়া সুস্থ হৈ নুঠে তেতিয়া মূল দলত অন্তৰ্ভূক্ত হ’ব পাৰে অসম সন্তান উমা ছেত্ৰী।