আগন্তুক দুমাহত দুবাৰকৈ অসম ভ্ৰমণ কৰিব প্রধানমন্ত্রী মোদীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- অহা ডিচেম্বৰ আৰু জানুৱাৰী মাহত দুবাৰকৈ অসম ভ্ৰমণ কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ লগতে অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। আনহাতে তিনিদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হ’ব কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ। উন্নয়নৰ বতৰা লৈ ডিচেম্বৰৰ শেষভাগত আহিব লগা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মুখ্যতঃ বৰঝাৰস্থিত নৱনির্মিত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল মুকলি কৰাৰ লগতে নামৰূপত নেন’ ইউৰিয়া প্ৰকল্প মুকলি কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰধানমন্ত্ৰীৰ এই আগমন সন্দর্ভত সবিশেষ সদৰী কৰি সংবাদ মাধ্যমৰ আগত কয়- আগন্তুক দুমাহত কেইবাটাও অনুষ্ঠান হাতত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ অসমলৈ আহিব। প্রধানমন্ত্রী মোদীয়ে ডিচেম্বৰ মাহৰ শেষভাগত গুৱাহাটী বিমানবন্দৰৰ নতুন টার্মিনেল উদ্বোধন কৰিবলৈ অহাৰ লগতে নামৰূপৰ ১২ লাখ মেট্রিকটন ইউৰিয়া-এমোনিয়া প্রকল্পৰো শুভ উদ্বোধন কৰিব। আনহাতে জানুৱাৰী মাহত প্রধানমন্ত্রী মোদীয়ে পুনৰ অসম ভ্ৰমণ কৰিব। এই ভ্রমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ শুভউদ্বোধন কৰাৰ লগতে কাজিৰঙাৰ এলিভেটেড কৰিড’ৰ, শিলচৰৰ পৰা গুৱাহাটী এক্সপ্ৰেছ কৰিড’ৰ আৰু আইআইএম গুৱাহাটীৰ ভূমিপূজনতো ভাগ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আনহাতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ডিচেম্বৰৰ শেষভাগত অথবা জানুৱাৰীৰ প্ৰথমভাগত অসম ভ্ৰমণ কৰি গুৱাহাটীত নিৰ্মাণ কৰা ৫ হাজাৰ আসনযুক্ত জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে লগতে বৰদোৱালৈ গৈ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মভূমিত নিৰ্মাণ কৰা প্ৰকল্পৰো শুভ উদ্বোধন কৰিব। এই ভ্রমণকালতে গৃহমন্ত্রী অমিত শ্বাহে গুৱাহাটীত ৰাজ্যিক বিজেপিৰ বুথ সমিতিসমূহৰ সভাপতি সন্মিলনতো অংশ ল’ব।
