আগছিয়াৰ পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন গৃহৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

আগছিয়াৰ পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন গৃহৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পুৰ্বৰ পশ্চিম গুৱাহাটীৰ তথা সমষ্টি পুনৰ গঠনৰ পাছত নতুনকৈ জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা আজাৰা ৰাজহ চক্ৰ এলেকাৰ আগছিয়াস্থিত পি এম শ্রী পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত পুৱাৰ ভাগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা উপস্থিত হৈ লোক নির্মাণ বিভাগৰ গ্রাম্য আন্তঃগাথঁনি উন্নয়ন পুঁজিৰে প্ৰায় সাত কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নির্মাণ হব লগা গৃহৰ আধাৰশিলা স্থাপন কৰে। কম সময়ৰ বাবে উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে আধাৰশিলা স্থাপনৰ পিচতেই সাংবাদিকক সম্বোধন কৰে৷ বহু প্রত্যাশিত গুৱাহাটীৰ ৰিং ৰোডৰ কাম অহা দুমাহৰ ভিতৰত আৰম্ভ হব বুলি কৈ ৰাজ্যত ৫০০ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৭-১০ কোটি টকাৰে নতুনকৈ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে জানিবলৈ দিয়ে৷ অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত নৱ জাগৰণ অনাৰ বাবে চৰকাৰে এই পদক্ষেপ লৈছে আৰু তাৰেই অংশ হিচাপে আজিৰ কাৰ্যসূচী বুলিও কয়। লগতে দুই বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব গুৱাহাটী ৰিং ৰোড প্রকল্প। বিমান বন্দৰলৈও ৰিং ৰোডৰ পৰা এলিভেটেড ক’ৰিডৰ হ’ব বুলিও কয়। দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গুৱাহাটীয়ে আন এক পৰিচয় লাভ কৰিব৷ অসমৰ প্ৰতিখন জিলাতে উত্তৰ- দক্ষিণ পাৰক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দলং । ইফালে অহা দুটা বছৰৰ ভিতৰত বিদ্যালয়ৰ নতুন গৃহ নিৰ্মাণৰ কাম শেষ হব বুলি সদৰি কৰি সভা আহ্বান নকৰাকৈয়ে দিল্লী অভিমুখে যাত্ৰা কৰাৰ উদ্দেশ্যেৰে বৰঝাৰ বিমানবন্দৰ অভিমুখে মুখ্যমন্ত্ৰী গৰাকী ৰাওনা হয় । উল্লেখ্য যে কম সময়ৰ বাবে উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীৰ আগমণ উপলক্ষে পুৱা ৯ বজাৰ আগতেই বৃহত্তৰ অঞ্চলটোৰ কেবা শতাধিক লোক তেঁওক আদৰিবলৈ উপস্থিত আছিল যদিও সভাত ভাষণ নিদিয়াকৈ তেওঁ গুচি যোৱাত ৰাইজে কিছু অসন্তুষ্টি প্ৰকাশ কৰে।