আকৰ্ষণৰ কেন্দ্ৰবিন্দু নলগাঁও প্ৰাথমিক বিদ্যালয়
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ এখন ব্যতিক্ৰমী বিদ্যালয় হৈছে নলগাঁও প্ৰাথমিক বিদ্যালয় ৷ বিদ্যালয়খনৰ চৌহদৰ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ পৰিৱেশে হয়টো মন্ত্ৰমুগ্ধ কৰিব প্ৰত্যক্ষদৰ্শীক ৷ ১৯৬৭ চনত স্থাপিত হোৱা দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ এখন বিশেষ ব্যতিক্ৰমী বিদ্যালয় হৈছে নলগাঁও প্ৰাথমিক বিদ্যালয় ৷ বিভিন্ন শিক্ষামূলক শিতানেৰে ছাত্ৰ-ছাত্ৰী সকলক পাঠদানৰ বাবে আকৰ্ষিত কৰি তুলিছে বিদ্যালয়খনে, দৈনিক ন ন শিক্ষামূলক আকৰ্ষণীয় শিতানেৰে ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰোৱা হয় এই বিদ্যালয়খনত ৷ প্ৰধান শিক্ষক জয়ন্ত বৰদলৈয়ে নিজাববীয়াকৈ গাঠিৰ ধন খৰচ কৰি বিদ্যালয়খনত বিভিন্ন উন্নয়নমুখী কাম সংযোজন কৰিছে ৷ নিজৰ পকেটৰ টকাৰে বেতন দি নিজাববীয়াকৈ শিক্ষয়িত্ৰী নিযুক্তি দি বিদ্যালয়খনত পাঠদান প্ৰক্ৰিয়া চলাই আছে ৷ প্ৰধান শিক্ষক জয়ন্ত বৰদলৈ,সহ শিক্ষক দেৱজিৎ দাস,জয়ামনি দাস আৰু হিমাদ্ৰী দাসে দৈনিক কৌশলবদ্ধভাৱে শিক্ষামূলক শিতানেৰে ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰাই আহিছে ৷ প্ৰায় ৪৫ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰি আছে ৷ নলগাঁও প্ৰাথমিক বিদ্যালয়ৰ এনে ব্যতিক্ৰমী চিন্তাধাৰা আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীৰ একক প্ৰচেষ্টাই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সৰ্বসাধাৰণক ৰাইজক ৷ উল্লিখিত যে প্ৰধান শিক্ষক জয়ন্ত বৰদলৈৰ এনে নিস্বাৰ্থবাদী,এককনিষ্ঠ কৰ্মৰাজীক ভূয়সী প্ৰসংশা কৰিছে ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক তথা ৰাইজে ৷