আক্ষেপ- বৰ্ণালী দাৱ বৰি

Pc Pixabay

আক্ষেপ

পুৱতিৰ ৰঙা বেলিটোৰ সতে
আহিম বুলিছিলা
সামৰিব খুজা হাঁহিতো ওঁঠত
ওলমি ৰৈছিল
শেষনিশাৰ জোনটো কপালত আঁৰি
বাট চাইছিলো পুৱালৈ
এখোজি দুখোজিকৈ
আহিনো আহি পালেহি
তোমাৰহে বতৰা নাপালোঁ
তোমাৰ খোজৰ উমান মোৰ বুকুৱে
বুজি পায়

আক্ষেপ নকৰোঁ দিয়া
তথাপিও ভালপোৱাবোৰ ওচৰত
অপেক্ষাৰ অভিমানবোৰ
গম নোপোৱাকৈ
আ-হ-ত হয়
স-ম-য়-ত
প্ৰাপ্তি — অপ্ৰাপ্তিবোৰ
অতীতৰ গল্প উভতি নহা
ৰাতিৰ লগতে পঠিয়াই দিম দিয়া ।।

বৰ্ণালী দাৱ বৰি
গোলাঘাট