আকৌ পূৰ্ণিমা হ’ব – দিপালী শইকীয়া 

PC - Freepik
আকৌ পূৰ্ণিমা হ’ব
দিপালী শইকীয়া 
নৈখন কিৰিলি পাৰি
আগুৱাই গৈ আছে
বাঁহ কাঠ আৰু যে কত কি
বুকুতে সাৱটি
হঠাৎ অহা আপদীয়া বানত
নৈ-খন গা-ভাৰী হ’ল
গুৰু গোঁসাই নমনা হৈ
কাঢ়ি নিলে
অজলা মানুহবোৰৰ নিঃস্ব সপোন।
সহস্ৰ আশাবোৰে
এতিয়া…..
খেপিয়াই খেপিয়াই বিচাৰি ফুৰে
এটি নতুন দিনৰ
এটি নতুন প্ৰভাতৰ আলিঙ্গনলৈ।
হিলদল ভাঙি কেতিয়া আহি
তৰা ফুল ফুলি থকা আকাশ খনত
অমাৱস্যাৰ অমানিশাৰ কৰাল গ্ৰাসে
আৱৰি ধৰিলে
এতিয়া তৰা ফুল নুফুলা
ৰাতিৰ আকাশে চকুলো টোকে
চকুলোত উটি যায় জোন।
ৰ’দ জোনাক আৰু সেউজ  উপত্যকাৰ
সুখবোৰ কাঢ়ি লৈ যায়
দুঃখবোৰ চকুলোবোৰ ঘনেপতি অগা দেৱা কৰে।
কঠিন সময়ে গতি দিয়া ধুমুহা জাকত
ভাল গছৰ পুলিবোৰ হাউলিছে
এটা অমাৱস্যাৰ ৰাতি আমদানি হৈছে
ফেহুজালি পৰলৈকে সাৰে থকাই ভাল।
জয়াল ৰাতিৰ আন্ধাৰ ফালি
আকৌ পূৰ্ণিমা হ’ব
তেতিয়া জোনাক নামিব
জোনাকৰ বৰষুণত আমিবোৰ আকৌ এবাৰ তিতিম।