আকৌ নাহো মই দুনাই-মুন শৰ্মা

Pc Pixabay
আকৌ নাহো মই দুনাই
                 ভৱেশ বৰুৱা নিজৰ জন্ম গাঁও খনলৈ নোযোৱা আজি বহু বছৰ হ’ল।প্ৰতি বছৰে ভাবে এপাক যাম। কিন্তু কামৰ হেঁচাত পৰি গাওঁখনলৈ যোৱাটো এবাৰো সম্ভৱ হৈ নুঠে।চৰকাৰী চাকৰিয়াল মানুহ জনে গোটেই চাকৰি কাল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বদলি হৈ হৈ চাকৰি কৰি থাকোতেই সময় বোৰ গুচি গ’ল।
     যদিও বহু বছৰ যাব পৰা নাই। তথাপিও জন্ম গাওঁ খনক পাহৰা নাই কোনো দিন ভৱেশ বৰুৱাই আ‌ৰু গাঁৱৰ প্ৰতি থকা  আকৰ্ষণ অকণো কমা নাই তেওঁৰ ।প্ৰকৃতিৰ অনুপম সৃষ্টি সেউজীয়াৰে আৱৰা গাঁও খনলৈ প্ৰতি বছৰে এবাৰ হলেও যাবলৈ খুব মন কৰে প্ৰকৃতিপ্ৰেমী  ভৱেশ বৰুৱাই। কিন্তু নোৱাৰে যাব কাৰণ সময় নোলায়। ওলালে ও বিভিন্ন অসুবিধা আহি তেওঁৰ আগত দেখা দিয়ে।
   এটা সময়ত ভৱেশ বৰুৱাৰ চাকৰিৰ জীৱন অন্ত পৰিল। লগে লগে ওলাল  বহুখিনি আজৰি সময়। তেতিয়াই তেওঁ এদিন সিদ্ধান্ত ললে যে এইবাৰ যামেই  অতদিনে যাম যাম কৈ যাব নোৱাৰা জন্ম গাওঁখনলৈ এপাক।
           ভবা মতেই কাম । ওলাল এদিন ৰাতিপুৱাই গুৱাহাটীৰ পৰা। মনত অযুত হেঁপাহ গাঁওখন চোৱাৰ। এক নিদিষ্ট সময়ত গাড়ীৰ পৰা নামি জন্ম গাঁৱৰ ভূমিত ভৰি দিলে ভৱেশ বৰুৱাই।লগে লগে চাই পঠিয়ালে গাওঁখনলৈ বুলি। কিন্তু এইয়া কি !  এইখন মোৰ জন্ম  গাঁও হয় জানো!বিশ্বাস কৰিব নোৱাৰিলে ভৱেশ বৰুৱাই।
       কাৰণ,,,আগৰ সেই ভৱেশ বৰুৱাৰ গাঁওখন তাত নাই। মাত্ৰ নামটো হে আছে। মানুহৰ অৱস্থাবোৰ উন্নত হোৱাৰ লগে লগে মনত বাহ ললে বিলাসিকতা আৰু আধুনিকতাই। ইয়াৰ ফলতে  এফালৰ পৰা ধ্বংস হৈ আহিল গাঁৱৰ সেই সেউজীয়া প্ৰকৃতি। দুই এঠাইত দুই এজোপা গছৰ বাহিৰে আগৰ সেই চাৰিওফালে  সেউজীয়াৰে আৱৰা ভৱেশ বৰুৱাৰ গাঁও খন তাত নাই।ক্ৰমে ক্ৰমে সেউজীয়া লুপ্ত গাঁওখনৰ অৱস্থা দেখি ভৱেশ বৰুৱাৰ মন দুখেৰে হেঁচা মাৰি ধৰিলে।মনতে ভাবিলে  আৰু নিজকে নিজে কলে আপোন গাঁও খনৰ এই অৱস্থা চাবলৈকে ইমান দিন হেঁপাহেৰে ৰৈ আছিলো।
     ভৱেশ বৰুৱা বেছি সময় সেই ঠাইত থাকিব নোৱাৰিলে।ইমানেই আবেগে হেঁচা মাৰি ধৰিলে যে তেওঁ প্ৰায় কান্দি পেলোৱা নিচিনাই হ’ল। তেনে অৱস্থাৰে  হাত খন পকেটত ভৰাই মোবাইল টো উলিয়াই এটা নম্বৰ ডায়েল কৰি অহা বাটে উভতি যাবলৈ সাজু হ’ল।
      Hello…. বন্ধু মোৰ বিশেষ অসুবিধা হোৱাৰ বাবে তোমাৰ ঘৰলৈ নাযাওঁ। বেয়া নাপাবা। ভৱেশ বৰুৱাই গাঁওৰ শৈশৱৰ বন্ধু নগেনক দুখী মনেৰে মিছাকৈয়েই ক’লে। তাৰ পাছত তেওঁ খন্তেক ইফালে সিফালে চাই এটা শেঁতা হাঁহি মাৰি  খোজ ল’লে অহা বাটে উভতি।  যাওঁতে কৈ গ’ল গাঁও খনক, ক্ষমা কৰিবা তুমি মোক এইষাৰ কথা ক’বলৈ মোৰ  ইচ্ছা নাছিল কিন্তু আজি মই বাধ্য তোমাৰ বুকুত এইয়াই মোৰ অন্তিম খোজ।‌ আকৌ নাহো মই দুনাই তোমাৰ বুকুত থিতাপি ল’বলৈ।
           মুন শৰ্মা, লখিমপুৰ