আকৌ ক’ভিড! ক’ভিডৰ নতুন উপকৰণ ‘জেএন.১’ কেৰালাত চিনাক্ত 

Pc Hindustan Times

আকৌ ক’ভিড! ক’ভিডৰ নতুন উপকৰণ ‘জেএন.১’ কেৰালাত চিনাক্ত 

ৰঙিলী বাৰ্ত্তাসেৱা-  মানৱ জাতিৰ প্ৰতি প্রত্যাহ্বান নমোৱা ক’ভিড-১৯ মহামাৰীৰ সংক্রমণ প্রায় সমাপ্তিৰ দিশে গৈছিল যদিও শেহতীয়াভাৱে এই মহামাৰী ভাইৰাছটোত আক্ৰান্তৰ সংখ্যা বিশ্বৰ প্রান্তে প্রান্তে পুনৰ আৰম্ভ হৈছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰততো শনিবাৰে ৩০০তকৈ অধিক লোক ক’ভিড-১৯ত আক্রান্ত হৈছে।  ইপিনে,কেৰালাত ক’ভিডৰ নতুন উপপ্ৰকৰণ ‘জেএন.১’ চিনাক্ত হৈছে। এই নতুন উপ- প্ৰকৰণটোক লৈ উদ্বিগ্ন হৈছে কেৰালা চৰকাৰ। দ্রুত গতিত সংক্রমণ বৃদ্ধি পোৱা আৰু মানৱ দেহৰ প্ৰতিৰোধ ক্ষমতা সহজতে নাশ কৰিব পৰা এই নতুন উপপ্ৰকৰণটো সন্দৰ্ভত চৰকাৰে সূক্ষ্ম নিৰীক্ষণ, সতর্কতা আৰু সজাগতা অৱলম্বন কৰিছে। তথ্য মতে উপপ্ৰকৰণ ‘জেএন.১’ কেৰালাৰ ৭৯ বছৰীয়া মহিলা এগৰাকীৰ দেহত ধৰা পৰিছে। ইয়াৰ পূৰ্বে ছিংগাপুৰৰ পৰা ভাৰতলৈ অহা এজনলোকৰ দেহত এই উপপ্ৰকৰণটো চিনাক্ত হৈছে। কেৰালাৰ মহিলাগৰাকীৰ দেহত উপ-প্ৰকৰণ ‘জেএন.১’ৰ সংক্রমণ চিকিৎসকে ধৰা পেলোৱাৰ পিছতে সমগ্র ৰাজ্যৰ চিকিৎসালয়ত ইনফ্লুৱেঞ্জা সদৃশ ৰোগত আক্রান্ত ৰোগীক সূক্ষ্ম নিৰীক্ষণৰ নিৰ্দেশ দিয়া হৈছে। সন্দেহজনক ৰোগীৰ আৰ টি পি চি আৰ পৰীক্ষণ কৰিবলৈ নির্দেশ দিয়া হৈছে।