আকৌ আহিল ব’হাগ-  ইভা গন্ধীয়া ফুকন

Pc Wikipedia
আকৌ আহিল ব’হাগ
আকৌ আহিল ব’হাগ
হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ
গছে বনে নতুনৰ সাজ পিন্ধি
কপৌ নাহৰ তগৰ ফুলৰ হাঁহিত
কুলি কেতেকীৰ সুৰীয়া মাতত
আকৌ আহিল ব’হাগ
খিটি খিটি  মাকো দোপতিৰ মাতত
চেনেহৰ বিহুৱান খনি বোৱাৰ হেপাহঁত
শিপিনীসকলৰ ত’তে নাই গাত
আকৌ আহিল ব’হাগ
গামোচা বিতৰ্ক লৈ
অসমীয়া স্বাভিমানৰ গামোচাখনি
দুভাগত বিভক্ত কৰি
অসমীয়াৰ প্ৰাণে সহে কেনে কৰি
আকৌ আহিল ব’হাগ
বিহুৰে বিশ্ব অভিলেখ গঢ়িবলৈ
দহ হাজাৰৰো অধিক নাচনী ঢুলীয়াৰ ইচাট বিচাট চিত
আকৌ আহিল ব’হাগ
গছ গছনি ভাঙি ঘৰৰ টিনপাত উৰুৱাই
বৰদৈচিলা জনীও আহিল মাকৰ ঘৰলে
দিন হজিৰা কৰা ৰংমন কাই কঁপালত হাত দি বহে
ঘৰৰ টিনপাত কেইখন লগাই নে
ল’ৰা ছোৱালীৰ নতুন কাপোৰ কিনি
বিহুৰ যা -যোগাৰ কৰে
আকৌ আহিল ব’হাগ
বৰষুণৰ পানী পাই পথাৰে হাঁহে
খেতিয়কৰ উচ্ছাহ হে নেজাগে
পথাৰৰ পানীত গৰু গা ধুৱাবলৈ
গৰু নো কেই ঘৰত আছে
আকৌ আহিল ব’হাগ
ঢোলৰ গুম গুমনিত নাচনীৰ কঁকাল ভাগে
ৰিহাৰ ভাজে ভাজে
পদুম ফুলে হাঁহে
হাতৰ টিপত লুকুৱাই অনা
বিহুৱান খন যাচে নে ফোন নম্বৰ লয়
সেয়া বহাগেহে জানে ।
 ইভা গন্ধীয়া ফুকন