আকুল মনৰ প্রতিধ্বনি – নাচিমা য়াচমিন

আকুল মনৰ প্রতিধ্বনি 

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

শুনিছানে,,,?
তোমাকেই কৈছোঁ, মোৰ প্ৰতিবিম্ব জনী,,,
মোৰ চিৰ লগৰী জনী,,,,!
শীতৰ সন্ধিয়াৰ গম্ভীৰ নীৰৱতাত
সপোন উৰুৱাই দিয়ানে আজিও?
বতাহৰ ক্ষীণ  সুবাসত বুকুৰ গহীন বিষাদ
উজাৰি দিয়ানে আজিও,?
জোনাকৰ স্থবিৰ চকুলোত অনুভৱৰ শব্দহীন বিলাপ
 শুনানে আজিও,?
অন্ধকাৰ আকাশৰ মৰহি পৰা তৰাবোৰৰ বিষাদ বিচাৰি ফুৰা নে আজিও?
অতীতৰ নিৰ্জন পথবোৰত পৰা পদধ্বনি সাৱটি ধৰি
 থাকা নে আজিও,
স্মৃতিৰ মৰুভূমিত নষ্টালজিয়াৰ তৃষ্ণাত
মুগ্ধ হোৱানে আজিও,?
ভালপোৱাৰ অগাধ সাগৰত ঢৌবোৰক সান্ত্বনাৰ ভাষা শিকাই দিয়া নে আজিও,
নিদ্ৰাহীন নিশাবোৰত অপ্ৰকাশিত অনুভৱৰ কবিতা
ৰচা নে আজিও,,?
নৈৰ কলকলনিত একাকীত্বৰ সংগীত
 শুনানে আজিও,
চৰাইৰ আত্মহননীয়া সুৰত গোপন ব্যেথা গুজি
 থোৱা নে আজিও,
বিষাদৰ দিগন্তত মৰহি পৰা আকাশক সাৰ পাই উঠিবলৈ
অপেক্ষা কৰা নে আজিও,
আৰু হৃদয়ৰ গভীৰতম হুমুনিয়াহ এজাক বতাহত মিলাই
নীৰৱতা অৱলম্বন কৰি সকলো দেখিও নেদেখাৰ
ভাওঁ জুৰি থাকানে আজিও,,,?