” আকুল আহ্বান ” __
শুন ! শুন হেৰৌ অবোধ সন্তান
কৰিবলৈ আছে তোৰ কৰণীয় বহুত কাম !!
আছিলি এদিন তই অসমী আইৰ
এটি সু সন্তান ।
তোক লৈ দেখিছিল আয়ে
জীৱন কালত বহু ৰঙ্গীন সপোন।
আজিৰ এই দুৰ্দ্দিনত
আইক তই অকলে এৰি থৈ
ফুৰিছ অনাই-বনাই কিয় জংঘলত গৈ ?
বিচাৰিচছই বা কি ? পাইছয়েই বা কি ?
চাইছনে বাৰু এবাৰলৈও ভাৱি ?
শূন্যতাহে যে তোৰ প্ৰাপ্তি ?
দিয়া নাইনে তই নিজকে ফাকি ?
গাৱেঁ গাৱেঁ দিহিঙে-দিপাঙে
অনাই-বনাই ফুৰোঁতে
জ্বিলিকি উঠেনে তোৰ মুখত….
মুক্ত আকাশৰ তলৰ সেই স্বৰ্গীয় হাঁহিটি ?
সেয়েহে হাতত তুলি ল’লি
মুহূৰ্ত্তে মুহূৰ্ত্তে নিগৰি অহা সেই…
স্ফুলিঙ্গৰ বাহকটি ।
আহেনে ঘুমটি তোৰ অন্ধকূপত থাকি ?
অমূল্য তোৰ এই মানৱ দেহাটি
নিদিবি যাবলৈ আৰু শুকাই খীণাই !
এবাৰ গ’লে পুনু , নাপাবি দুনাই ।
কিয় এবাৰো ভাৱি চোৱা নাই তোৰ জন্মদায়িনী গৰাকীৰ কথা ?
কাঁইটে বিন্ধি থকা সৰকা কৰা দেহাটিক আৰু
শুকাবলৈ নিদিবি ।
বুকুৰ কুটুম্ব , চেনেহৰ পোনাক হেৰুৱাই
নিগৰেনে কেতিয়াবা দুঃখৰ নিজৰা ?
সমাজৰ বাবে , দহৰ বাবে তোৰ আছে
কৰিবলগীয়া বহ বহু কাম
তাক তই পাহৰিছ কিয় ?
দুখুনী আয়ে আজি সেয়েহে তোক
জনাইছে আকুল আহ্বান হ ।।।।
সুষমা গোস্বামী ,