আকাশ দ্বীপ অনুপ্ৰেৰণাৰ অন্য এক নাম
দেবর্ষি গৌতম
বনগাঁও,নলবাৰী
আমি মানুহ হিচাপে জন্ম লোৱাৰ ঠিক পিছৰে পৰা কিন্তু আমাৰ জীৱনটো প্ৰত্যাহ্বানৰে ভৰি পৰে। এটাৰ পিছত আন এটা প্ৰত্যাহ্বানে আমাৰ জীৱনটো প্ৰায় ভাৰাক্ৰান্ত কৰি ৰাখে। এনে প্ৰত্যাহ্বান সমূহৰ পৰা আঁতৰি নগৈ প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হব পৰাটো এগৰাকী ব্যক্তিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো আপুনি এটা প্ৰত্যাহ্বানৰ পৰা আঁতৰি গৈ অন্য ৰাস্তাৰে জীৱনটো আগবঢ়াই নিব পাৰিব কিন্তু জীৱনত এনে কিছুমান প্ৰত্যাহ্বান আহি পৰিব যি প্ৰত্যাহ্বানক মুখামুখি হোৱাৰ বাহিৰে আপোনাৰ সন্মুখত অন্য কোনো ৰাস্তা নাথাকিব। তেনে সময়ত কিন্তু প্ৰত্যাহ্বানৰ পৰা আঁতৰি যোৱাৰ অভ্যাসে আপোনাক বাৰুকৈয়ে সমস্যাত পেলাব। প্ৰত্যাহ্বানৰ মুখামুখি হব পৰাকৈ আপোনাৰ নিজৰ মনটো শক্তিশালী কৰিবলৈ আপুনি আকৌ অন্য এক যুঁজত নামি পৰিব লাগিব। গতিকে আমি জীৱনত সদায় এটা কথা মনত ৰখা উচিত যে জীৱনত যি ধৰণৰে প্ৰত্যাহ্বান নাহক লাগিলে, প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হব পৰাকৈ নিজকে প্ৰতিটো সময়তে প্ৰস্তুত ৰাখিব লাগে। ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ নৱাগত সদস্য আকাশ দ্বীপৰ যি জীৱন পৰিক্ৰমা সেয়া কিন্তু প্ৰতিটো মুহূৰ্ততে প্ৰত্যাহ্বানৰে ভৰপূৰ আছিল। আকাশ দ্বীপে শৈশৱৰ পৰাই ক্ৰিকেট খেলি যথেষ্ট ভাল পাইছিল। ক্ৰিকেট খেলিবলৈ পালে তেওঁ কেতিয়াও ভাগৰ অনুভৱ কৰা নাছিল। আকাশ দ্বীপৰ দেউতাক এগৰাকী বিহাৰ চৰকাৰ সাধাৰণ চৰকাৰী কৰ্মচাৰী আছিল। দেউতাকে আকাশ দ্বীপক ক্ৰিকেট খেলাৰ পৰিবৰ্তে পঢ়া শুনা কৰি চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল। ওচৰ চুবুৰীয়া লোকসকলেও ভাবিবলৈ আৰম্ভ কৰিছিল যে আকাশ দ্বীপে ক্ৰিকেট খেলি ইতিমধ্যে নিজৰ জীৱন ধংশ কৰিবলৈ ওলাইছে গতিকে তেওঁলোকৰ সন্তান যাতে আকাশ দ্বীপৰ সংগত বেয়া হবলৈ সুযোগ নাপায়। নিজৰ লক্ষ্য আৰু স্থিতিত অটল আকাশ দ্বীপে নিৰবিছিন্নভাবে নিজৰ কাম কৰি গৈছিল। কোনে কি কৈছে, কোনে কি ভাবিছে সেইবোৰলৈ তিলমাত্ৰও ভ্ৰূক্ষেপ কৰা নাছিল। আকাশ দ্বীপৰ জীৱনলৈ এটা অতিকৈ জটিল সময় আহিছিল যেতিয়া হঠাৎ আকাশ দ্বীপৰ দেউতাক আৰু তাৰ কিছুদিনৰ ব্যৱধানত তেওঁৰ ভাতৃৰ মৃত্যু হৈছিল। এই ঘটনাই আকাশ দ্বীপৰ জীৱন একেবাৰে সলনি কৰি পেলাইছিল। ঘৰখনৰ একমাত্ৰ উপার্জনকাৰী দেউতাকৰ সমান্তৰালকৈ ভাতৃৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ঘৰৰ সমস্ত দায়িত্ব আকাশ দ্বীপৰ মূৰত আহি পৰিছিল। আকাশ দ্বীপে জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ঘৰৰ সমস্ত দায়িত্ব মূৰ পাতি লৈছিল। কিছু দিনৰ বাবে ক্ৰিকেটৰ পৰা অব্যাহতি লবলৈ আকাশ দ্বীপ বাধ্য হৈছিল যদিও নিজৰ লক্ষ্য স্থিতিৰ পৰা কেতিয়াও বিচলিত হোৱা নাছিল। কিছু দিনৰ পিছত ক্ৰিকেটকে নিজৰ পেছা হিচাপে নিৰ্বাচন কৰি আকাশ দ্বীপে ক্ৰিকেটৰ পৰা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে। আকাশ দ্বীপে নিজৰ ক্ৰিকেট কেৰিয়াৰ ক্লাব ক্ৰিকেটৰ পৰা আৰম্ভ কৰিলে। ক্লাব ক্ৰিকেট খেলি উপাৰ্জন কৰা ধন নিজৰ বাবে ৰাখি অৱশিষ্ট খিনি ঘৰলৈ প্ৰেৰণ কৰিছিল। আকাশ দ্বীপে যদিও বিহাৰত জন্মগ্ৰহণ কৰিছিল তথাপিও কিন্তু পশ্চিমবংগ দলৰ হৈহে ৰাষ্ট্ৰীয় খেলত প্ৰতিনিধিত্ব কৰিছিল। নেটত বলিং কৰি থকা সময়ত সেই সময়ৰ পশ্চিমবংগৰ ২৩ বছৰ অনুর্ধ দলৰ প্ৰশিক্ষক গৰাকীৰ দৃষ্টি আকৰ্ষণ কৰিছিল আকাশ দ্বীপে। তাৰ পিছৰ পৰা আৰু আকাশ দ্বীপে পিছলৈ ঘূৰি চাব লগীয়া হোৱা নাই। আকাশ দ্বীপে পশ্চিমবংগ জ্যেষ্ঠ দলৰ হৈ প্ৰতিনিধিত্ব কৰাৰ পিছত ভাৰতীয় এ দল, আই পি এল আদিৰ দৰে মেগা প্ৰতিযোগিতাত নিজৰ প্ৰতিভাৰ প্ৰমাণ দিবলৈ সক্ষম হয়। এগৰাকী প্ৰতিভাবান বলাৰ হোৱাৰ পিছতো কিন্তু আকাশ দ্বীপৰ বাবে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা যাত্ৰা ইমান সহজ নাছিল। কাৰণ ভাৰতীয় দলত ইতিমধ্যে তিনিগৰাকী বেগী বলাৰে নিজৰ স্থান সুৰক্ষিত কৰি ৰাখিছিল। যশপ্ৰীত বুমৰাহ, মহম্মদ ছামি, মহম্মদ চিৰাজৰ দৰে বেগী বলাৰৰ স্থান দখল কৰি ভাৰতীয় দলত নিজৰ স্থান দখল কৰিব পৰাটো যিকোনো নবাগত ভাৰতীয় বলাৰৰ বাবে যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ। আকাশ দ্বীপে যেন জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যোৱাৰ বাবে প্ৰস্তুত আছিল। দেউতাক আৰু ভাতৃৰ মৃত্যুৱে আকাশ দ্বীপৰ জীৱনত সৃষ্টি কৰা সকলো প্ৰত্যাহ্বান লাহে লাহে অন্ত পৰাৰ উপক্ৰম হোৱা যেন নেদেখা জনৰ বাবে মঞ্জুৰ নাছিল। আকৌ এবাৰ এক নতুন প্ৰত্যাহাবননে আকাশ দ্বীপৰ ধৈৰ্যৰ পৰীক্ষা লবলৈ আহিছিল। নতুন প্ৰত্যাহ্বানটো আছিল আকাশ দ্বীপৰ ভগ্নী কৰ্কট ৰোগৰ আক্ৰান্ত হৈছিল। এই খবৰ আকাশ দ্বীপৰ বাবে এক আবেগিক মুহূৰ্ত আছিল। আবেগৰ বশৱৰ্তী হৈ নিজৰ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা বিচলিত হোৱাৰ পৰিবৰ্তে কিন্তু আকাশ দ্বীপে সাহস আৰু ধৈৰ্যৰে প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল। বৰ্তমানেও আকাশ দ্বীপৰ ভগ্নীৰ কৰ্কট ৰোগৰ চিকিৎসা চলি আছে। সকলো প্ৰত্যাহ্বানৰ মাজতো অৱশেষ আকাশ দ্বীপৰ বাবে জীৱনৰ আটাইতকৈ স্মৰণীয় দিনটো আহি পৰিছিল। ২৩ ফেব্ৰুৱাৰী ২০২৪ তাৰিখে আকাশ দ্বীপৰ ভাৰতীয় টেষ্ট দলত অভিষেক ঘটিছিল। আকাশ দ্বীপৰ বাবে এটা আশা পূৰণ হৈছিল যদিও ভাৰতীয় জাতীয় দলত লাভ কৰা স্থান যাতে স্থায়ী কৰিব পাৰি তাৰ বাবে আন এক প্ৰত্যাহ্বান আছিল। নিজৰ লক্ষ্য উদ্দেশ্যত অটল আকাশ দ্বীপে নিজৰ স্থান ভাৰতীয় দলত স্থায়ী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। প্রায় ৮ খন টেষ্ট মেচত ভাৰতীয় জাতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰাৰ পিছতে নিজৰ যি প্ৰভাৱ সেয়া সকলোৰে সন্মুখত প্ৰতিফলিত কৰিবলৈ সক্ষম হয় আকাশ দ্বীপ। ২ জুলাই ২০২৫ তাৰিখৰ পৰা ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হোৱা শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচত আকাশ দ্বীপে ভাৰতৰ হৈ প্ৰথম ইনিংছত ৪ টা আৰু দ্বিতীয় ইনিংছত ৬ টা উইকেত দখল কৰি মুঠ ১০ টা উইকেত লাভ কৰিবলৈ সক্ষম হয়। আকাশ দ্বীপে এই প্ৰদৰ্শনৰ জৰিয়তে প্রতিগৰাকী ক্ৰিকেট অনুৰাগীৰ সমান্তৰালকৈ ক্ৰিকেট বিশ্লেষক আৰু সমালোচকৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ইংলেণ্ডত ইংলেণ্ডৰ বিৰুদ্ধে আকাশ দ্বীপৰ এই প্ৰদৰ্শন আছিল ভাৰতীয় ক্ৰিকেটৰ বাবে এক আশাৰ বতৰা। ভাৰতীয় ক্ৰিকেটৰ বলিং বিভাগ সদায় দুৰ্বল বুলি প্ৰচলিত সমালোচনাৰ ক্ষেত্ৰতো আকাশ দ্বীপৰ এইয়া যেন এক দৃঢ় উত্তৰ। বিভিন্ন প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত বিজয়ী হবলৈ আগবাঢ়ি যোৱা আকাশ দ্বীপে আৰোহণ কৰক সফলতাৰ শিখৰত। আকাশ দ্বীপৰ প্ৰতিভাই উজ্জীৱিত কৰি তোলক ভাৰতীয় ক্ৰিকেটক। ক্ৰিকেট জগতৰ অনুৰাগী সকলৰ সমান্তৰালকৈ আমিও আকাশ দ্বীপলৈ জ্ঞাপন কৰিলোঁ অফুৰন্ত মৰম আৰু শুভেচ্ছা।