আকাশৰ বুকুত আকৌ এবাৰ- সংগীতা বৰুৱা

Pc Unsplash

আকাশৰ বুকুত আকৌ এবাৰ

মোৰ প্ৰিয় আকাশক আজি আকৌ এবাৰ সুধিলোঁ:
“সঁচা মানুহৰ অভাৱ নে ইমান?
সকলোতে কেৱল মুখাৰ আঁৰৰ মুখ।
দুয়োখন মুখ, মাত্ৰ এজন মানুহ!”

আকাশ ক’লে:”এতিয়া প্ৰস্তুতিৰ সময়,
কবিতাৰ ভাষাত শাণ দিয়া,
কঠোৰৰ পৰা কঠোৰ হৈ উঠা,
মুখাৰ আঁৰৰ মুখবোৰ চিনিবলৈ প্ৰস্তুত হোৱা ! “

মই নিঃশব্দ, নিৰ্বিকাৰ, জীৱনৰ শিক্ষাৰে দীক্ষিত, একাকাৰ।
একান্ত হেঁপাহৰ সকলো হেৰুৱাই আজি মই দেৱলীয়া!

জীৱনে শিকালে মোক
ভাললগাবোৰ নিজৰ কৰি বিচৰাটো মুৰ্খামি
বিলাই দিয়াই কেৱল জীয়াই থকাৰ মূল ।

আৰু অৱশেষত মোৰ প্ৰিয় প্ৰতিটো বস্তু জীৱনে কাঢ়ি নিলে বিনাদ্বিধাৰে
আৰু বাকীখিনি মই বিলাই দিলোঁ স্ব-ইচ্ছাৰে !

আজি মোৰ আপোন বুলিবলৈ একো নাই
কেৱল তুমি বুলি বুকুৰ কোণত জী আছে অৱান্তৰ সোঁৱৰণি!

সংগীতা বৰুৱা
গুৱাহাটী