আকাশৰ দৰেই বিশাল আছিল হিয়াৰ আমঠুৰ অন্তৰখন – হেৰম্ব নাথ 

PC- TellyChakkar

আকাশৰ দৰেই বিশাল আছিল হিয়াৰ আমঠুৰ অন্তৰখন 

হেৰম্ব নাথ 

আকাশৰ দৰেই বিশাল আছিল হিয়াৰ আমঠু আমাৰ জুবিন দাৰ অন্তৰখন। নিভাঁজ তথা কোমলতাপূৰ্ণ অন্তৰৰ অধিকাৰী জুবিন দাক হেৰুৱাই কেৱল যুৱ প্ৰজন্মই নহয় অসমৰ প্ৰতিজন মানুহেই মৰ্মাহত হৈছে। গীত কিয় ল’ৰা ধেমালিৰ জৰিয়তেও জুবিন দা নয়নৰ মণি হৈ পৰিছিল অনুৰাগীৰ মনত। দুখীয়াৰ বন্ধু আছিল জুবিন দা, নি:কিনজনক সততে সহায় কৰি ভাল পাইছিল। মানুহৰ মুখত হাঁহি বিৰিঙাবলৈ উদগ্ৰীৱ হৈ পৰিছিল যেতিয়া জুবিন দাৰ সমুখত থকাজনে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছিল! ধন-অৰ্থ নি:সংকোচে দান কৰিছিল এনে এটি মনোভাবত— হে মানৱাত্মা! তুমিও মোৰ দৰেই মানুহ। তোমাৰো আছে ভোক-পিয়াহ, তুমিও বিচৰা ভোকৰ অন্নমুঠি। এনেদৰে জুবিন দাই অনুভৱ কৰিব পাৰিছিল দুখীয়াৰ দুখ-বেদনাক! প্ৰকৃতাৰ্থত এজন হৃদয়বান ব্যক্তিসত্ত্বাৰে পৰিপূৰ্ণ শিল্পী, যিয়ে মানুহৰ চকুলোৰ মূল্য বুজে।

গীতৰ মায়াময় কণ্ঠৰ বিষয়ে কিমান লিখিম, যিটো অসম্ভৱ বুলিয়েই ক’ব পাৰি। আকাশৰ বিশালতা আৰু সাগৰৰ গভীৰতাক যিদৰে আমি জুখিব নোৱাৰোঁ ঠিক তেনেদৰে জুবিন দাৰ যাদুকৰী কণ্ঠৰ বিষয়েও লিখি শেষ কৰিব নোৱাৰিম চাগে! হেজাৰ বাৰ শুনিলেও হেঁপাহ নপলায়। অবুজ মনে নামানে জুবিন দাৰ হিয়া শাত পৰা গীতবোৰ নুশুনাকৈ থাকিবলৈ। দিনটোত এবাৰ হ’লেও শুনিবই লাগিব: “পাখি পাখি এই মন পাখি লগা মোৰ মন  পাখি মেলি যাওঁ উৰি…..” সঁচাকৈয়ে উৰি যাবৰ মন যায় সন্দিকৈ কলেজৰ ককাল খামুচিয়া পৰীহঁতৰ ছন্দময়ী খোজবোৰ চাবলৈ….! পলকতে মনলৈ আহে বাৰিষাৰ বৰষুণৰ দৰে জুবিন দাৰ সেই ৰোমাণ্টিক গীতটো:

“কঁকাল খামুচিয়া
গাল গুলপীয়া
তুমি কোন
সৰগৰ পৰী……”

সন্ধিয়া সুবাস ল’বলৈ বিচাৰে ভৰপক যৌৱনে সেই কৃষ্ণচূড়াৰ, মানে জালুকবাৰীৰ কৃষ্ণচূড়াৰ। বিশ্ববিদ্যালয়ৰ কোনোবা মৃগনয়না ৰূপহীৰ দুগাল দেখি হিয়াৰ আমঠুৰ গীত এফাকি মনলৈ আহে দুৰ্বাৰ গতিত:

“দুগালতে যেন সোণৰ চেকুঁৰা
চকুত জিলিকি ৰয়
কিনো মৰমে হিয়া বিয়পি ৰয়
যৌৱন দেহ-মন মুখৰিত গানে….”

আস্!জুবিন দা আৰু নোৱাৰি থাকিব তুমি অবিহনে! কলিজাত প্ৰচণ্ড বিষ! বুকু ফাটি যায় অ’!

অসমীয়াৰ চেতনাৰ স্পন্দন হিয়াৰ আমঠুৱে যৌৱনক এক উৎসৱ হিচাপে পালন কৰিবলৈ শিকাইছিল গীতৰ মাজেৰে। হয়তো, বহুতেই প্ৰেমত পৰিছিল গীতবোৰ শুনি। মানুহক ভাল পাবলৈ শিকাইছিল, নাছিল কাৰো প্ৰতি বিদ্বেষমূলক মনোভাব। শিশুৰ দৰে এটা সুকোমল-নিস্পাপ মনৰ অধিকাৰী আছিল আমাৰ জুবিন দা। ঈৰ্ষা-হিংসা-কপটতা কি বস্তু নাজানিছিল। মানৱ প্ৰেমৰ পূজাৰী আছিল হিয়াৰ আমঠু আমাৰ জুবিন দা। আমাক-অসমক বহুতেই দি থৈ গ’ল উপহাৰ হিচাপে। আমি ঋণী জুবিন দাৰ ওচৰত, এই ঋণ কদাপি পৰিশোধ কৰিব নোৱাৰোঁ। জ্যোতি-বিষ্ণু আৰু সুধাকণ্ঠৰ পিছত আমি জুবিন দাকেই স্থান দিম। প্ৰশ্নাতীত। ইমানতেই যৱনিকা নপৰে হিয়াৰ আমঠুৰ গুণানুকীৰ্তনৰ:

যাৰ কণ্ঠত দেৱী সৰস্বতীয়ে বাহ লৈছিল
যাৰ গীত শুনি সৰগৰ দেৱতাই পুষ্পবৃষ্টি কৰিছিল
যাৰ গীত শুনি সেউজীয়াই প্ৰাণ পাই উঠিছিল
যাৰ গীত শুনি কোনোবা ঘাটমাউৰাই জীয়াই থাকিবলৈ সাহস পাইছিল
যাৰ গীত শুনি শিশুৱে কৈছিল: মা অ’ মা জুবিন দাৰ গীত শুনিম
যাৰ গীত শুনি চৰাই-চিৰিকটিয়ে কৈছিল: জুবিন দা আৰু এটা গীত গোৱানা
যাৰ গীত শুনি নৈয়ে নীৰৱে টোপনি গৈছিল
যাৰ গীত শুনি সাগৰে উলাহতে ঢৌ তুলিছিল
যাৰ গীত শুনি বসুমতীয়ে কৈছিল: জুবিন তুমি কুশলে থাক’
যাৰ গীত শুনি পদূলিৰ ফুলবোৰ ফুলিছিল ডাল ভৰি ভৰি
যাৰ গীত শুনি গছৰ পাতবোৰ নীৰৱ হৈ পৰিছিল……..!!
জুবিন দা তুমি অমৰ। তোমাক জীয়াই ৰাখিব প্ৰতিজন অসমীয়াই। তোমাক জীয়াই ৰাখিম অ’ জুবিন দা! তুমি আমাৰ প্ৰাণৰো প্ৰাণৰ! অসমীয়াৰ প্ৰাণৰ স্পন্দন হিয়াৰ আমঠু তুমি জিলিকি থাকিবা আকাশৰ ধ্ৰুৱ তৰাৰ দৰেই।