আকাশী সপোন, হৃদয়ৰ কাহিনী –  নাচিমা য়াচমিন

আকাশী সপোন, হৃদয়ৰ কাহিনী

 নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

: আকাশ, তই ইয়াত বহি আছ ? আৰু মই তোক গোটেইখনত বিচাৰি ফুৰিছোঁ,,,

: হুম ক,,, কিয় বিচাৰি আছ’?

: ব’ল না অলপ ওলাই যাওঁ,, মোৰ কিবা কিবি অলপ কিনিব আছে,,,।

: মোৰ মন নাই,, তই যা।

: প্লিচ না,, আহোঁতে ফুচকাঁ খাম, আইচক্ৰীম খাম।ব’ল না ভাল লাগিব তোৰ,,,।

: কি পোৱালীৰ দৰে কৰি আছ’ প্ৰেৰণা,,?মই নাযাও কৈছোঁ নাই,,? কিয় কামুৰি আছ’ মোক,,,?

আকাশৰ এনে ব্যৱহাৰৰ অভ্যস্ত হৈ পৰিছে প্ৰেৰণা। তাইৰ বেয়া নলগা নহয়। বেয়া লাগে তাইৰ। অন্তৰৰ কোনোবা এক ঠাইত ব্যেথা অনুভৱ হয়। কিন্তু তাই মাত্ৰ আকাশৰ মুখত অলপ মান হাঁহি উলিয়াবলৈ অবিৰত চেষ্টা কৰি যায়। তাৰ আগে পিছে ঘূৰি ফুৰে, আকাশৰ হাজাৰ বেয়া ব্যৱহাৰ আওকাণ কৰি, অৱহেলাৰ ধোঁৱাজাকক উপেক্ষা কৰি,,,,,,!

আকাশ ল’ৰাটো আগতে এনেকুৱা নাছিল। চঞ্চল স্বভাৱৰ আকাশ গোটেই খনত উৰি ফুৰিছিল যেন। আনফালে প্ৰেৰণা তাৰ বেষ্ট ফ্ৰেইণ্ড । সিহঁতৰ ঘৰ ওচৰা ওচৰিকৈ।  প্ৰেৰণা আৰু আকাশৰ দেউতাহত বৰ ভাল বন্ধু। একেখন ঘৰৰ সদস্যৰ দৰে।

সৰুৰে পৰা দুয়ো একেলগে খেল -ধেমালি কৰি ডাঙৰ- দীঘল হৈছিল। দুয়োৰে মাজত অনবৰতে কাজিয়া লাগিয়েই থাকে। কিন্তু এজনে আন জনক এৰি বেছি সময় থাকিব নোৱাৰে। এৰাব নোৱাৰা এক সম্পৰ্কৰ সৃষ্টি হয় দুয়োৰে মাজত।

সময়ত দুয়ো ডাঙৰ হ’ল। কলেজীয়া জীৱনত ভৰি দিয়ে। কুমলীয়া যৌৱন, ডেকা তেজ,! আকাশ প্রেমত পৰিলে। মেঘনা , কলেজৰে ধুনীয়া, মডাৰ্ণ ছোৱালীজনীক দেখিলেই হয়তো প্ৰায়বোৰ ল’ৰাই প্ৰেমত পৰিব। কিয়নো বাহ্যিক আকৰ্ষণৰ প্ৰতি বেছিভাগেই গুৰুত্ব দিয়ে, সহজতেই মোহিত হৈ পৰে।

আকাশৰো একেই অৱস্থা হ’ল। মেঘনাৰ প্ৰেমত হাবু ডুবু খোৱা আকাশৰ জীৱন সলনি হৈ পৰে। সি অনবৰতে কেৱল মেঘনাৰ লগতেই ব্যস্ত হৈ থাকে।  যৌৱনৰ কোমল স্পৰ্শত আকাশ মোহাচ্ছন্ন হ’ল—আধুনিকা, সুন্দৰী ছোৱালী মেঘনাৰ প্ৰেমত পৰি গ’ল। বাহ্যিক সৌন্দৰ্য্যৰ আভাত বিভোৰ আকাশৰ জীৱন যেন সম্পূৰ্ণ মেঘনাৰ ওচৰতে বন্দী হৈ পৰিল। প্ৰেৰণাৰ লগত আগৰ নিচিনাকৈ সময় কটোৱাটো লাহে লাহে কমি গ’ল।

 প্ৰেৰণা দিনক দিনে অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলে। তাইৰ একোৱেই ভাল নলগা হ’ল।  প্ৰেৰণাৰ মনত এক অচিন কষ্ট গজিবলৈ ধৰিলে।  দিনবোৰ ৰঙবিহীন হৈ পৰিল । তাই কিয় এনে অনুভৱ কৰে, নিজেও নাজানে। কিন্তু মেঘনাৰ চকুত যে সঁচা প্ৰেমৰ উম নাই, কেৱল ছল, সেইয়া তাই সহজতে বুজিলে।

মেঘনা ছোৱালী জনী যে ভাল নহয়, তাই বহুৰূপীয় সেইয়া আকাশৰ চকুত ক’লা কাপোৰ বান্ধি দি লুকুৱাব পাৰিব। কিন্তু ছোৱালী এজনীৰ দৃষ্টিৰ পৰা কোনেও লুকুৱাই ৰাখিব নোৱাৰে।

: আকাশ, তই মেঘনাক সঁচাকৈ ভাল পাৱ নে,?

: yes ofcourse,  She’s so beautiful and h*t, গোটেই ল’ৰাই তাইৰ কাৰণে পাগল। আৰু মোৰ কিমান সুভাগ্য চা তাইৰ বয় ফ্ৰেণ্ড মই।

কথাশাৰী শুনি প্ৰেৰণাই একো নক’লে, মাথোঁ লাহে লাহে গুছি গ’ল আকাশৰ জীৱনৰ পৰা। পৰাপক্ষত তাই আকাশক এৰাই চলিবলৈ ধৰিলে।  দিন গ’ল বছৰ গ’ল, এদিন দুদিনকৈ সিহঁতৰ কলেজীয়া জীৱনৰ অন্ত পৰিল।তাৰ পাছত বহুতেই উচ্চ শিক্ষাৰ বাবে বিভিন্ন  ইউনিভাৰ্ছিটিলৈ পাতনি মেলিলে। মেঘনাৰ আগৰে পৰাই খুব এটা পঢ়া – শুনাত ধ্যান নাছিল। তাই আকাশৰ পৰা নকল কৰিহে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।  তাই কলেজ শেষ হোৱাত মডেলিংত যোগ দিলে।  আনহাতে আকাশ মাষ্টাৰ্চ কৰিবলৈ অন্য এখন চহৰলৈ যায়। প্ৰেৰণাৰ লগতে আন কেইজন বন্ধু -বান্ধৱীও একেখন ইউনিভাৰ্ছিটিতে চিট পায়।

প্ৰথম এমাহ সকলো ঠিকেই আছিল। কিন্তু দ্বিতীয় মাহ আৰম্ভ হওঁতেই আকাশে মেঘনাৰ সলনি হোৱা স্বভাৱৰ উমান পাবলৈ ধৰিলে। তাই নিজে ফোন এটা কৰাটো দূৰৰ কথা আকাশে নিজে কৰিলেও বিজি দেখুৱাই। তাই অন্য কাৰোবাৰ লগত বাৰ্তালাপ কৰাত ব্যস্ত। সি প্ৰশ্ন কৰিলে নানান কটুত্তৰ। তাইৰ জীৱনত অন্য কাৰোবাৰ উদয় হ’ল, য’ত আকাশৰ বাবে কোনো ঠাই নাথাকিল। কেইদিন পাছতেই তাই আকাশৰ লগত যোগাযোগ বন্ধ কৰি দিলে। আৰু শেষত সকলো মাধ্যমতে তাক ব্লক কৰি দিলে।

ভগ্ন হৃদয়েৰে আকাশে ধৈৰ্য ধৰি থাকিবলৈ চেষ্টা কৰিছিল, কিন্তু শেষত মেঘনাৰ নতুন প্ৰেমিকজনৰ লগত তোলা অন্তৰংগ ফটোবোৰ চচিয়েল মিডিয়াত দেখাৰ লগে লগে যেন আকাশৰ সকলো আশাৰ দেউল ধূলিসাৎ হ’ল। সি একোৱেই কৰিব নোৱাৰিলে। বেয়াকৈ ভাঙি পৰিল সি। দুবাৰমান আত্মহত্যাৰ প্ৰয়াসো কৰিছিল, কিন্তু সেই বিপদৰ সময়ত প্ৰেৰণাই আগবাঢ়ি আহি সহায়ৰ হাতখন মেলি দিছিল। তাই আকাশৰ প্ৰত্যেকটো ব্যেথাৰ সংগী হ’ল, সাহস দিলে। এসময়ত সি অৱহেলা কৰা প্ৰেৰণাই আজি প্ৰতিটো মূহুৰ্তত তাক সাহস দিছে সংগ দিছে ।

: আকাশ, তোক মই কিমানবাৰ বুজাম? তাই তোৰ যোগ্য নাছিল কেতিয়াও! যি মাজ বাটত এৰি যায়, তাই কোনোদিনাই আপোন নহয়। এদিন তাই বহুত পস্তাব বুজিছ নে? তোৰ নিচিনা ভাল ল’ৰা এটাক এৰি গৈছে নহয়,,।  কোনোবাই এৰি গৈছে মানেই যে জীৱনটো শেষ হৈ যাব তেনে নহয় ন,, ?তোৰ কপালত চাগে ভগৱানে ভাল ছোৱালী এজনী লিখি থৈছে, যথা সময়ত তোৰ জীৱনলৈও সঁচা প্রেম আহিবই আহিব। প্ৰেৰণাৰ সান্তনাত আকাশ অলপ শান্ত হয়। তাইৰ হাত দুখনক নিজৰ হাতৰ মুঠিত লৈ সি ক’লে,,,

: প্ৰেৰণা, মোৰ বুজিবলৈ বহুত পলম হৈ গৈছে। মই মেঘনাক চাগে অন্তৰৰ পৰা ভাল পোৱা নাছিলোঁয়েই। তাই মোৰ কেৱল আকৰ্ষণ আছিল। কিন্তু তাই এৰি যোৱাটো মই মানি ল’ব পৰা নাছিলোঁ কাৰণ মোৰ ইগ’ত লাগিছিল বেয়াকৈ। মোৰ পুৰুষত্বৰ ওপৰত খং উঠিছিল। মোৰ বুজিবলৈ বহুত দেৰি হৈ গল অ’। আচলতে মোৰ ভালপোৱা তই হে। মই তোক ভাল পাওঁ। সঁচা ভালপোৱা তোৰ লগত হে হৈছে।

: আকাশ, তই মোৰ কেৱল ভাল বন্ধু। তোৰ বিপদৰ দিনত সংগ দিয়াটো মোৰ দায়িত্ব। কেৱল দায়িত্ব। তই ইয়াৰ বেলেগ মানে ওলাই নল’বি।

: তই বুজি কিয় পোৱা নাই? মই সঁচা কৈছোঁ।

: নহয়, তই মোক কেৱল ব্যৱহাৰ কৰিব বিচাৰিছ, মেঘনাক পাহৰিলৈ মোৰ লগত প্ৰেমৰ অভিনয় কৰিব বিচাৰিছ,,

: নহয়, প্ৰেৰণা নহয়। তইয়ে ভাৱ চোন। মই তোৰ লগত থাকিলে কিমান সুখী থাকোঁ। তোৰ লগত কটোৱা প্ৰতিটো মূহুৰ্তই মোৰ বাবে বিশেষ হয়। যিটো শান্তি তোৰ লগত অনুভৱ কৰোঁ সেইয়া বেলেগ ছোৱালীৰ লগত কিয় নকৰোঁ? এইয়া ভালপোৱা নহয় তো কি হয়,,?

: আৰু মেঘনাৰ লগত কি আছিল সেইয়া তেন্তে,,,?

: তাইৰ লগত মই কেতিয়াও সুখী নাছিলোঁ। তাইক কিবা এটা কোৱাৰ আগতেও দহ বাৰ ভাৱিব লাগিছিল। তাইৰ বিচৰা প্ৰতিটো বস্তু দিবলৈ কত চেষ্টা কৰিছোঁ।  মা -দেউতাৰ আগত মিচা মাতি টকা বিচাৰিছোঁ। কিন্তু তাইক জানো সন্তুষ্ট কৰিব পাৰিছিলো,,? তাইৰ লগত প্ৰতিটো পল মোৰ সজাত বন্দী চৰাইৰ দৰে লাগিছিল। মোৰ উশাহ বন্ধ হৈ আহিছিল। সেইয়া ভালপোৱা নাছিল প্ৰেৰণা,, প্ৰয়োজন আছিল মাত্ৰ। ভাল লগা আছিল। লোকৰ আগত দম্ভালি মাৰি ফুৰিবলৈ তাই মাত্ৰ মোৰ গাৰ্ল ফ্ৰেন্ড আছিল। মোৰ হৃদয়ৰ গৰাকী নাছিল কেতিয়াও।

: মই তোক ভাল নাপাওঁ আকাশ। মেঘনাৰ দৰে অন্য কোনো সুন্দৰী ছোৱালী তোৰ জীৱনলৈ আহিলে তই আকৌ মোক তোৰ জীৱনৰ পৰা আঁতৰাই পঠাবি। মোৰ এখনেই হৃদয়, কিমান বাৰ ভাঙি চুৰ মাৰ কৰিবি তই,,?

কান্দোনত ভাঙি পৰা প্ৰেৰণাক আলফুলে নিজৰ বুকুৰ মাজত সুমুৱাই লৈ আকাশে ক’লে,,,

: প্ৰেৰণা, তোক আৰু কেতিয়াও কষ্ট নিদিওঁ। বিশ্বাস কৰ,,, তই আজিৰ পৰা মোৰ।  সৌ অন্তহীন নীল আকাশৰ দৰে ঢাল হৈ সদায় তোক আৱৰি ৰাখিম। আৰু তই মোৰ প্ৰেৰণা জনী হৈ সদায় অনুপ্ৰেৰণা দি থাকিবি। ক না ভাল পাবি মোক?

:  তাৰ আগতে মোৰ এটা স্বৰ্ত মানিব লাগিব,,?

: সকলো মানিম। কৈ চা এবাৰ,,

: ফুচকা খুৱাব নিবি নাই,,,?

: আৰে তই হা কৰি চা, গোটেই ফুচকাৰ ষ্টল লগাই দিম।

: হ’ব হ’ব এইবোৰ একো কৰিব নালাগে, পঢ়া শুনাত ধ্যান দে। তোৰ হাতেৰে সেন্দুৰ পিন্ধিবলৈ ৰৈ থাকিম।

কথাটো কৈ প্ৰেৰণাই লৰ দিলে।

আকাশৰ আনন্দৰ সীমা নাই। মনৰ মাজত থকা বহুদিনীয়া গধুৰ বোজাটোৰ ওজন আঁতৰি গ’ল।সি বহু দিন আগতেই উপলব্ধি কৰিব পাৰিছিল যে সি প্ৰেৰণাক ভাল পায় চাগে,, কিন্তু মেঘনাৰ মোহত পৰি সেই কথাৰ তল পৰিছিল। কিন্তু কথাতে কয়, প্ৰেম যদি সঁচা হয় , এদিন হ’লেও মিলন হ’বই। যদিহে ব্যক্তিজন ভগ্যৱান বা ভাগ্যৱতী হয়।  সত্য প্ৰেমে সদায় পুনৰ মিলনৰ পথ বিচাৰে ।