আকাশী তৰা – মিন্টু গোৱলা

PC - istock
আকাশী তৰা 
মিন্টু গোৱলা, লখিমপুৰ 
নীলা ডাৱৰৰ আঁৰে আঁৰে লুকাই
মোলৈ বৰকৈ চাই থাকা ,
মই চোন তোমাক দেখাই নাপাওঁ।
তথাপিও মই আকাশখনলৈ চাওঁ,
যদি এবাৰ দেখা পাওঁ
 আকাশী তৰা জনীক।
তৰা ভৰা আকাশত কেৱল দেখা পাওঁ,
মোৰ আকাশী তৰা জনীক
মই বহুদূৰ আহিলো
আকাশী তৰা জনীৰ পৰা ।
ওচৰত থকা হ’লে দেখা পালোঁহেঁতেন
সেই লাজুকী চকুৰ চাৱনিটো ।
আকাশী তুমি মোৰ মনৰ গোপন তৰা।
সদায় হিয়া পোহৰাই ৰাখা ,
মোৰ হিয়াৰ গোপন কোণত।
আন্ধাৰো আৱৰিব নোৱাৰে
মোৰ হিয়া খনিত ।
তুমি আছাহি মোৰ হিয়াত আকাশী তৰা হৈ ।