আকাশলংঘী মূল্যবৃদ্ধি, বিদ্যুতৰ মাচুল বৃদ্ধি আৰু অন্যায়-অমানৱিক উচ্ছেদৰ বিৰুদ্ধে এছ ইউ চি আই(কমিউনিষ্ট)ৰ বিক্ষোভ প্ৰদৰ্শন আৰু ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- এছ ইউ চি আই (কমিউনিষ্ট)ৰ অসম ৰাজ্যিক কমিটীৰ উদ্যোগত আৰু নেতৃত্বত ৰাজ্যত খাদ্যদ্ৰব্য সহ সকলো নিত্য প্ৰয়োজনীয় বয়-বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি, বিদ্যুতৰ মাচুল বৃদ্ধি আৰু অন্যায়-অমানৱিক উচ্ছেদৰ বিৰুদ্ধে আজি গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদন প্ৰাঙ্গনত এক বিক্ষোভ সমাবেশ অনুষ্ঠিত কৰে আৰু দাবী তিনিটা পূৰণৰ ক্ষেত্ৰত ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰি অসমৰ ৰাজ্যপালৰ ওচৰত এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়।বিক্ষোভ সমাবেশৰ লগতে ৰাজভৱনলৈ শোভাযাত্ৰা কৰি গৈ স্মাৰকপত্ৰ প্ৰদানৰ বাবে চৰকাৰৰ পৰা অনুমতি বিচৰা হৈছিল যদিও চৰকাৰে শোভাযাত্ৰাৰ অনুমতি দিয়াত অস্বীকাৰ কৰে। দলৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক মণ্ডলীৰ সদস্য কমৰেড আজহাৰ হুচেইনৰ সঞ্চালনাত অনুষ্ঠিত বিক্ষোভ সমাবেশত বিভিন্ন জিলাৰ পক্ষৰ পৰা উপস্থিত প্ৰতিনিধি সকলে সমাবেশৰ দাবীৰ সমৰ্থনত বক্তব্য ৰখাৰ পিছত মুখ্যবক্তা হিচাপে বক্তব্য ৰাখে দলৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক তথা কেন্দ্ৰীয় কমিটীৰ সদস্য কমৰেড চন্দ্ৰলেখা দাসে।সমাবেশৰ শেষত ৰাজ্যপালক স্মাৰকপত্ৰ দিয়াৰ উদ্দেশ্যে ৰাজভৱনলৈ শোভাযাত্ৰা কৰি আগবঢ়াৰ পথত আৰক্ষীয়ে বাধা প্ৰদান কৰাত সেই স্থলতে বিক্ষোভ প্ৰদৰ্শন কৰা হয় আৰু আৰক্ষী বিষয়াৰ হাতত ৰাজ্যপাললৈ লিখা স্মাৰকপত্ৰ প্ৰদান কৰা হয়।