আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত অসম তৃণমূল কংগ্ৰেছৰ বিশাল প্ৰতিবাদ

আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত অসম তৃণমূল কংগ্ৰেছৰ বিশাল প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- খাদ্য সামগ্ৰী, শাক-পাচলি, ঔষধকে ধৰি সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত হেঙেৰাবাৰীস্হ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত শতাধিক দলীয় কৰ্মীয়ে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷প্ৰতিবাদকাৰীসকলে ডিঙিত ভাত কেৰেলা, বিলাহী, গাজৰৰ মালা পিন্ধি ‘ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক’, ‘৫০ টকাৰ তলত নাই চাউল, জনতাৰ বাজেটত লাগিছে আউল’, ‘মূল্যবৃদ্ধিৰে জনতাক হাৰাশাস্তি দিয়া চৰকাৰ মুৰ্দাবাদ’, ‘হিমন্ত মামা তোমাৰ কাম নাই’, ‘সামগ্ৰীৰ জুই-চাই দাম, নিৰন্তৰে বোলো হৰি জয় শ্ৰীৰাম’, ‘শোষক চৰকাৰ মুৰ্দাবাদ’ আদি শ্ল’গান দি চৌপাশ কঁপাই তোলে। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মূল্যবৃদ্ধিৰে জনতাক হাৰাশাস্তি দিয়াৰ বাবে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে। বৰাই কয়,’সাম্প্ৰদায়িক ৰাজনীতিত ব্যস্ত চৰকাৰৰ দিনত জনতাৰ অৱস্হা তথৈবচ হৈ পৰিছে। খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত আজি ৰাইজৰ কঁকাল ভাঙিছে। চাউল, মিঠাতেল, দালি সকলো সামগ্ৰীৰ দাম বাৰে বাৰে বৃদ্ধি কৰি জীৱন দুৰ্বিসহ কৰি তুলিছে। ঔষধৰ দাম ২০ শতাংশকৈ বৃদ্ধি কৰি মানুহৰ জীয়াই থকাৰ অধিকাৰখিনিও কাঢ়ি নিব বিচাৰিছে। এয়াই হ’ল হিমন্ত বিশ্ব শৰ্মাৰ অসমক দেশৰ শীৰ্ষ ৫ ৰাজ্য কৰাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কৰা কামৰ নমুনা। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় এয়া অষ্টলক্ষ্মীৰ দেশ। আজি মোদীৰ ভাষণৰ অষ্টলক্ষ্মীৰ ৰাজ্যৰ জনতাই আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে ভালকৈ এসাজ খাব পৰা নাই। কিন্তু তেওঁলোকৰ এইবোৰলৈ ভ্ৰূক্ষেপ নাই। আগতে যোগানমন্ত্ৰীসকলে মূল্যবৃদ্ধি হ’লে বজাৰলৈ গৈ পৰিস্থিতিৰ বুজ ল’বলৈ প্ৰয়াস কৰিছিল। কিন্তু আজি বিজেপি চৰকাৰৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসে ‘ব্ৰেণ্ডেড চাউলৰহে দাম বাঢ়িছে, সাধাৰণ মানুহে খোৱা চাউলৰ দাম বঢ়া নাই’ জাতীয় টুলুঙা মন্তব্যৰে ৰাইজক অপমানহে কৰিছে। ক্ষমতাই আজি তেওঁলোকৰ মূৰত ধৰিছে। কিন্তু ৰাইজৰ সন্মুখত অহংকাৰ কৰি লাভ নাই। ২০২৪ চনত এই বিজেপি চৰকাৰক ৰাইজে ওফোৰাব, ইণ্ডিয়াৰ জয় হ’ব। ইণ্ডিয়াৰ চৰকাৰ গঠন হ’ব। আৰু তেতিয়াই ৰাইজৰ এই সকলো সমস্যা দূৰ হ’ব।’অসম তৃণমূল কংগ্ৰেছৰ এই ধৰ্ণা-বিক্ষোভ কাৰ্য্যসূচীত অংশ লোৱাৰ সময়ত অসম চৰকাৰৰ নিৰ্দেশত অসম আৰক্ষীয়ে সভাপতি ৰিপুণ বৰাৰ লগতে দলৰ সতীৰ্থসকলৰ ওপৰত অত্যাচাৰ চলাই টানি চোঁচৰাই আটক কৰি লৈ কাহিলীপাৰাত থকা চতুৰ্থ অসম বেটেলিয়নৰ চৌহদলৈ লৈ যায়। অসম তৃণমূল কংগ্ৰেছৰ ওপৰত চলা এই অত্যাচাৰক সভাপতি বৰাই ধিক্বাৰ দিয়ে। প্ৰতিবাদী কাৰ্যসূচীত দলৰ ৰাজ্যিক সমিতিৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক (প্ৰশাসন) গজেন্দ্ৰ প্ৰসাদ উপমন্যু, সাধাৰণ সম্পাদকদ্বয় অৰূপজ্যোতি ভূঞা আৰু ইক্ৰামুল হুদা, অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্ত, কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি তপন কলিতা, অসম তৃণমূল মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকাদ্বয় স্মৃতি শৰ্মা হাজৰিকা আৰু অঞ্জলি ব্ৰহ্মৰ লগত অসম তৃণমূল যুৱ কংগ্ৰেছ, অসম তৃণমূল মহিলা কংগ্ৰেছ, কামৰূপ তৃণমূল কংগ্ৰেছ, কামৰূপ তৃণমূল মহিলা কংগ্ৰেছ আৰু কামৰূপ তৃণমূল যুৱ কংগ্ৰেছৰ ভালেসংখ্যক বিষয়ববীয়াই অংশ লয়।