আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন: অনাতাঁৰ নাট মহোৎসৱ – ২০২৫ ৰ শুভ-উদ্বোধন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম তথা উত্তৰ-পূবৰ অগ্ৰণী অনাতাঁৰ কেন্দ্ৰ আকাশবাণী ডিব্ৰুগড়ৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস ১৫-২-২৫ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত  উদযাপন কৰা হয় ৷ পুৱা ১০ বজাৰ পৰা ‘মহিলা সবলীকৰণ আৰু সামাজিক স্বাস্থ্য’ শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত কৰা হয়৷ আকাশবাণীৰ উত্তৰ পূৱ মণ্ডলৰ এ-ডি-জি আশীষ ভাটনাগৰে কৰ্মশালাখনি উদ্বোধন কৰে। কৰ্মশালাৰ কী নোট বক্তব্য প্ৰদান কৰে আকাশবাণীৰ অতিৰিক্ত সঞ্চালক প্ৰধান দীপক যোশীয়ে। বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ মেনেজমেণ্ট ষ্টাডিজৰ অধ্যাপিকা ডঃ আৰাধনা বৰঠাকুৰ, ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা সুদক্ষিণা দাস, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা ডাঃ সবিতা দিহিঙীয়া, ডাঃ আইৰিন বুঢ়াগোহাঁই, অধ্যাপিকা ডঃ নীতি কলিতা বৰুৱা, অধ্যাপিকা ডঃ উপাসনা শৰ্মা প্ৰমুখ্যে ভালেকেইগৰাকী সমল ব্যক্তিয়ে অংশ গ্ৰহণ কৰা কৰ্মশালাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ নৈমিত্তিক ঘোষক-ঘোষিকা, বিষয়া-কৰ্মী, ছাত্ৰ-ছাত্ৰীসহ শতাধিক লোকে অংশ গ্ৰহণ কৰে৷ আবেলি ২ বজাত আকাশবাণীৰ দুগৰাকী অতিৰিক্ত সঞ্চালক প্ৰধানৰ সৈতে ভাৱ বিনিময় অনুষ্ঠান সম্পন্ন হয়৷ সন্ধিয়া ৬ বজাত  সমবেত সংগীতেৰে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ  কৰা হয়। ইয়াৰ পাছতে প্ৰতিষ্ঠা দিৱসৰ  উদ্বোধনী বক্তৃতা প্ৰদান কৰে অতিৰিক্ত সঞ্চালক প্ৰধান  আশীষ ভাটনাগৰে। নিজৰ বক্তব্যত ভাটনাগাৰে যোৱা ৫৬টা বছৰে নিজৰ সকলো সৃষ্টিপ্ৰতিভা উজাৰি দি কেন্দ্ৰটোক জিলিকাই তোলাৰ বাবে পূৰ্বৰ অনাতাঁৰ সম্প্ৰসাৰকসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে ৷ তেওঁ কয় যে  আকাশবাণী ডিব্ৰুগড় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আন আকাশবাণী কেন্দ্ৰসমূহৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সকলো অনাতাঁৰ সম্প্ৰসাৰকৰ দৃষ্টি আকৰ্ষণ কৰি উজলি উঠিছে ৷ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে আমন্ত্ৰিত অতিথি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: সঞ্জীৱ কাকতিয়ে। বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াই কেন্দ্ৰটোৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত শাৰিৰীক কাৰণত উপস্থিত থাকিব নোৱাৰি এক পত্ৰৰ জড়িয়তে অভিনন্দন জ্ঞাপন কৰে আৰু আগলৈ সুনাম বৰ্ধন কৰি অনুষ্ঠানটি কৃতিত্বৰে আগবাঢ়ি গৈ থাকিব বুলি আশা প্ৰকাশ কৰে ৷ আকাশবাণী ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী লোহিত ডেকাই অনাতাঁৰ নাট মহোৎসৱ- ২০২৫ ৰ বিষয়ে সম্যকভাৱে বক্তব্য দাঙি ধৰাৰ পাছতে নাট সমাৰোহৰ শুভ-উদ্বোধন কৰে নতুন দিল্লীৰ আকাশবাণীৰ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান দীপক যোশীয়ে। উদ্বোধনী বক্তব্যত তেখেতে নাটক সম্পৰ্কে নিজৰ জীৱনৰ বৰ্ণিল অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। তেখেতে কয় যে নাটকে ভাব বিনিময়ৰ শক্তিশালী মাধ্যম। আকাশবাণী ডিব্ৰুগড়ৰ এনে প্ৰচেষ্টাৰ তেখেতে শলাগ লয়।   প্ৰতিষ্ঠা দিৱস উপলক্ষে  প্ৰস্তুত কৰা ই-স্মৰণিকা মুকলি কৰে আকাশবাণী ডিব্ৰুগড়ৰ কাৰ্যালয় মুৰব্বী কে কে ৰেংমাই।আকাশবাণী ডিব্ৰুগড়ৰ দ্বাৰা প্ৰচাৰিত কেইখন মান উল্লেখযোগ্য জনপ্ৰিয় নাটক হৈছে -এজোপা আমলখি, জয়মতী-এক ৰাতিৰ মালিতা, ৰং জীৱনৰ, অপ্ৰতিহত লয়, মিউজিয়াম, এখন অসমীয়া চিনেমা, আধাকোৱা কাহিনী, এটি পথৰ সন্ধানত, দহন, সীমাৰ সিপাৰে, বেলি যেতিয়া উঠে, তমাল অথবা তম তমস্বিনী ইত্যাদি। অনুষ্ঠানত কেন্দ্ৰটোৰ অস্থায়ী ঘোষক- ঘোষিকাসকলে প্ৰশান্ত কুমাৰ বৰদলৈ ৰচিত আৰু চৈয়দ চাদুল্লাৰ সুৰাৰোপিত এটি সমবেত সংগীত সাক্ষৰ শৰ্মাৰ পৰিচালনাত পৰিৱেশন কৰে ৷ শিল্পী ৰিমঝিম ফুকন, পুনীত দিহিঙিয়া আৰু আস্থা গোস্বামী আদি কেবা গৰাকী শিল্পীয়েও গীত পৰিৱেশন কৰি অনুষ্ঠানটো জিপাল কৰি তোলে  ৷  অনুষ্ঠানটি সুন্দৰ কণ্ঠৰে আঁত ধৰে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰসাৰণ কাৰ্যবাহী পৰশা কোঁৱৰে।