আকাশবাণী ডিব্ৰুগড়ৰ অৱসৰী কৰ্মচাৰী ৰফিক উদ্দিন আহমেদৰ মৃত্যু

আকাশবাণী ডিব্ৰুগড়ৰ অৱসৰী কৰ্মচাৰী ৰফিক উদ্দিন আহমেদৰ মৃত্যু

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰফিক উদ্দিন আহমেদ ওৰফে পুতলাই আজি পুৱা ৬-৪৫ বজাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত কিছুদিন ৰোগাক্ৰান্ত হৈ থকাৰ পিছত মৃত্যু মুখত পৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ। ১৯৬৩ চনৰ ১০ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ নিজ কদমণিৰ মলখুবচাত জন্ম গ্ৰহণ কৰা আহমেদে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰতে কৰ্মজীৱনৰ পাতনি মেলি কেবাটাও বিভাগত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰাৰ পাছত ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত উচ্চবৰ্গৰ সহায়ক হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। এগৰাকী হাঁহিমুখীয়া তথা ধৰ্মপ্ৰাণ ব্যক্তিৰূপে জনাজাত ৰফিক উদ্দিন আহমেদে মৃত্যুৰ সময়ত পত্নীৰ লগতে দুগৰাকী কন্যা আৰু এটি নাতি আৰু পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। আজি আহমেদৰ জানাজা স্থানীয় নালিয়াপুল কবৰস্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুৰ বাতৰিত অঞ্চলটোত শোকৰ ছাঁ পৰে। ডিব্ৰুগড়ৰ নিজকদমণি মছজিদ জামাতৰ লগতে সভাপতি আৰু সম্পাদক, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ লগতে ডিব্ৰুগড়ৰ চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।