আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত জনপ্ৰিয় কণ্ঠশিল্পী আখতাৰ আলি খানৰ দেহাৱসান: শোকৰ ছাঁ

আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত জনপ্ৰিয় কণ্ঠশিল্পী আখতাৰ আলি খানৰ দেহাৱসান: শোকৰ ছাঁ

এম্ হাছিম আলীষডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা-  আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত জনপ্ৰিয় কণ্ঠশিল্পী আখতাৰ আলি খান (বাদল)ৰ কিছুদিন অসুস্থ হৈ থকাৰ পিছত আজি (২৯/১০/২৩) পুৱা ডিব্ৰুগড়ৰ তিনকুনিয়াস্থিত বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৮ বছৰ। খানে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ জৰিয়তে প্ৰচাৰিত ’’লুইত যিখনি গঙ্গা সিখনি, পদ্মা বুকুৰে আই’’, ’’কণমান ভণ্টি অ’ মোৰ আঁজলি’’, ’’কিদৰে দিওঁ মোৰ সঁচা পৰিচয়’’, ‘’আহিলে আহিলে ঋতুৰ জীয়াৰী ব’হাগী“, “কিয় জানো হয় উতলা হৃদয়“ আদি অনেক কালজয়ী গীতত কণ্ঠদান কৰি এসময়ত খলকনিৰ সৃষ্টি কৰি শ্ৰোতা জনতাৰ মনমুহিবলৈ সক্ষম হৈছিল। ইয়াৰ লগতে নিজৰ মানৱদৰদী আৰু সৰবৰহী ব্যক্তিত্বৰ বাবেও সকলোকে আপোন কৰি লোৱা জনপ্ৰিয় শিল্পীগৰাকীৰ মৃত্যুত সাংস্কৃতিক জগতৰ লগতে পৰিচিত মহলত গভীৰ শোকৰ ছাঁ পৰে৷ ইহসংসাৰত তেখেতে একমাত্ৰ কন্যাৰ লগতে ককায়েক নবৌয়েককে ধৰি বহু আত্মীয়-স্বজন, বন্ধু-বান্ধৱক ইহ সংসাৰত এৰি থৈ গৈছে৷ আজি তেওঁৰ জানাজা স্থানীয় নালিয়াপুল কবৰ স্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়।