আকাশবাণীৰ ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষিকা ফৌজিয়া ৰহমানৰ মৃত্যুত কৰ্ম্মচাৰী আৰু বিভিন্ন জনৰ শোক

আকাশবাণীৰ ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষিকা ফৌজিয়া ৰহমানৰ মৃত্যুত কৰ্ম্মচাৰী আৰু বিভিন্ন জনৰ শোক

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ১৬ জানুৱাৰীত আকাশবাণী ডিব্ৰুগড়ৰ জনপ্ৰিয় ঘোষিকা ফৌজিয়া ৰহমানৰ মৃত্যুত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক লোহিত ডেকাৰ নেতৃত্বত কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলে প্রয়াত ৰহমানৰ পল্টন বজাৰত থকা নিজা বাসগৃহলৈ গৈ আজি শেষ শ্ৰদ্ধা নিবেদন কৰে। দলটোত আছিল ভূপেন গগৈ, ইন্দিৰা মৰাং, সুৰেশ হাতীমূৰীয়া, ৰাজেন গোহাঁই , জিণ্টু চেতিয়া, ত্ৰিদিব কোঁৱৰ, অঞ্জনা বৰুৱা, পৰশা কোঁৱৰ ,এম্ হাছিম আলী আদিকে ধৰি বহুসংখ্যক কৰ্মচাৰী আৰু অৱসৰী কৰ্মচাৰী। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক লোহিত ডেকাই আৱেগিক হৈ এই সন্দৰ্ভত কয় যে সকলোৰে মৰমৰ ইফি বাইদেউ সঁচা অৰ্থত আছিল মানৱ দৰদী। বাইদেউ আছিল আমাৰ অভিভাৱক স্বৰূপ। সকলো ক্ষেত্ৰতে দিহা পৰামৰ্শ দিয়া বাইদেউ আজি চিৰদিনৰ বাবে গুছি গল, সকলো সময়তে বাইদেউ কায়িক ভাৱে নহলেও আমাৰ মাজত আছিল আৰু চিৰদিন থাকিব। একালৰ সতীৰ্থ অঞ্জনা বৰুৱাই চকুলো টুকি কয় যে মই দুখত ম্ৰিয়মান মোৰ কবলৈ ভাষা বিচাৰি পোৱা নাই, বাইদেউ যতে থাকে শান্তিৰে থাকক সেয়াই কামনা কৰিলোঁ। ১৯৪১ চনৰ ছয় জুন তাৰিখে পিতৃৰ কৰ্ম সূত্ৰে গুৱাহাটীত জন্ম গ্ৰহণ কৰা প্ৰয়াত ফৌজিয়া ৰহমান( ইফি) বিবাহ পাশত আবদ্ধ হৈছিল ১৯৬১ চনত। তেওঁৰ স্বামী আছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডা০ আল ফৰিদ মাহমুদুৰ ৰহমান (আলফ্ৰেড)। কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আৰু কালিয়ে ডিব্ৰুগড়ৰ পল্টন বজাৰত থকা নিজা ঘৰলৈ লৈ আহে। তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী সুমধুৰ কণ্ঠৰ প্ৰাশ্চাত্য সংগীতৰ ঘোষিকা। সত্তৰৰ দশকৰ পৰা চলিত দশকৰ শেষলৈকে তেওঁ আকাশবাণীৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ সেৱা আগবঢ়াই থকাৰ লগতে সমান্তৰালকৈ ফৌজিয়া ৰহমানে ৰেডিঅ নাটক, তথ্যচিত্ৰ , ফিচাৰ লিখন আদি প্ৰযোজনা কৰি প্ৰশংসা অৰ্জন কৰে। প্ৰয়াত ৰহমানৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত পৰিয়াল আৰু বন্ধুবৰ্গ আৰু অনুৰাগী সকল উপস্থিত হয়। স্থানীয় নালিয়াপুল কবৰস্থানত অনেক আত্মীয় আৰু গুণমুগ্ধৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত ডিব্ৰুগড়ৰ চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজ, ডিব্ৰুগড় জাতীয় ঐক্য পৰিষদকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে।