আকাশত ৰঙ উৰিছে ৰঙালীৰ-কমলেশ কাঞ্চন

Pc Flickr

আকাশত ৰঙ উৰিছে ৰঙালীৰ

গছৰ লঠঙা ডালে
সেউজীয়া পোছাকযোৰ পিন্ধিছে
কুলি চৰাইটিয়ে সকলোকে বাতৰি দিছে
বৰদৈচিলা মাকৰ ঘৰলৈ যাব আৰু আকাশত উৰিব
ৰঙালীৰ ৰঙ। প্ৰকৃতি আজি যৌৱনপ্ৰাপ্ত।

ৰাংঢালী গাভৰুৰ নপুৰৰ শব্দ
নিশা নৈৰ পাৰৰ আঁহতৰ তলৰ সেউজ তৃণভূমিত
সুমধুৰ সুৰৰে ৰুনুক-ঝুনুক কৈ বাজি আছে
ব’হাগৰ বিহুনাম গাইছে। আজি বিহুনামে
হৃদয়খন ৰঙীন কৰিছে।

অসমৰ আকাশ-বতাহ
আজি ৰঙীন। ৰঙালী বিহুক আদৰি লৈছে প্ৰকৃতিয়ে
আৰু অসমীয়া জাতি-মাটিয়ে।
বৰদৈচিলাই আনিলে ব’হাগ
দিলে সুখৰ বতৰা
উজনী-নামনি একাকাৰ কৰি
বিলালে সমন্বয় আৰু একতাৰ বাণী॥

কমলেশ কাঞ্চন