আকাশত তীব্ৰ মেঘৰ গাজনি
পৰিস্মীতা বৰা
ধোৱাচলা গড় , মাজুলী
মুষলধাৰে নামিছে বৰষুণ ।
বাৰিষাৰ বানে ফেনে ফুটুকাৰে
উতুৱাই আনিছে সকলোবোৰ ।।
চাৰিওফালে কেৱল আৰ্তনাদ আৰু আৰ্তনাদ
ইটোৰ পাছত সিটো পজা
বিলীন হৈ গৈছে গভীৰ ব্ৰহ্মপুত্ৰৰ বুকুত ।।
কাৰ আৰ্তনাদ কোনে শুনিব ,
বাৰিষাৰ বানে ফেনে ফুটুকাৰে
উতুৱাই আনিছে সকলোবোৰ ।।
চাৰিওফালে কেৱল আৰ্তনাদ আৰু আৰ্তনাদ
ইটোৰ পাছত সিটো পজা
বিলীন হৈ গৈছে গভীৰ ব্ৰহ্মপুত্ৰৰ বুকুত ।।
কাৰ আৰ্তনাদ কোনে শুনিব ,
কাৰোবাৰ অন্তৰৰ বেদনা কোনে বুজিব ,,
কেৱল শুনিব আৰ্তনাদ আৰু আৰ্তনাদ ।।
সৌৱা দেখিছা বালিচৰটো
তাতে আছিল মোৰ নিৰলা পজাঁ ,
দেখিছিলো সপোনৰ পজাঁতি সঁজাৰ ।
কিন্তু হঠাৎতে অহা ঢল বাৰিষাৰ বানে
তচ্নচ্ কৰি থৈ গ’ল সকলোবোৰ ।।
তথাপিও অতীতক পাহৰি নতুনক সামৰি
আৰম্ভ কৰিছো নতুন জীৱনৰ যাত্ৰা ।
সৌৱা দেখিছা বালিচৰটো
তাতে আছিল মোৰ নিৰলা পজাঁ ,
দেখিছিলো সপোনৰ পজাঁতি সঁজাৰ ।
কিন্তু হঠাৎতে অহা ঢল বাৰিষাৰ বানে
তচ্নচ্ কৰি থৈ গ’ল সকলোবোৰ ।।
তথাপিও অতীতক পাহৰি নতুনক সামৰি
আৰম্ভ কৰিছো নতুন জীৱনৰ যাত্ৰা ।
