আকালি দলৰ মুৰব্বীক গুলীয়াই হত্যাৰ চেষ্টা

আকালি দলৰ মুৰব্বীক গুলীয়াই হত্যাৰ চেষ্টা

ৰঙিলী বাৰ্ত্তাসেৱা- অমৃতসৰৰ স্বৰ্ণ মন্দিৰত সংঘটিত হৈছে এক ভয়াৱহ কাণ্ড। অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ গেটৰ সন্মুখত প্রাণঘাতী আক্ৰমণৰ পৰা ৰক্ষা পৰিল শিৰোমণি আকালি দলৰ সভাপতি সুখবীৰ সিং বাদল। ডেৰাচাচা চৌডাৰ মুৰব্বী, ধৰ্ষণত দোষী সাব্যস্ত কাৰাবন্দী গুৰমীট ৰামৰহিম সিঙক সমর্থনৰ বাবেই ধর্ম নিন্দাত আকাল টখতৰ ধৰ্মীয় শাস্তি মানি লৈ স্বর্ণ মন্দিৰত বাচন-বৰ্তন আৰু শৌচাগাৰ পৰিষ্কাৰ কৰি গেটৰ বাহিৰত বহি থকা সুখবীৰ সিং বাদলক বন্দুকধাৰীয়ে নিচেই ওচৰৰ পৰা গুলীয়ায়। লুকাই অনা অস্ত্ৰৰে হুইল চেয়াৰত বহি থকা সুখবীৰ সিং বাদলক গুলীয়াবলৈ উদ্যত হওঁতেই বাদলৰ ওচৰত থকা এজন লোকে বন্দুকধাৰীক ভেটি ধৰে। লগে লগে ঘটনাস্থলীত থকা কেইবাজনো লোকে বন্দুকধাৰীক লপাথপা দি আটক কৰে। বন্দুকধাৰীয়ে চলোৱা বন্দুকৰ গুলী বাদলৰ গাত নালাগি বেৰত লাগে। ঘটনাস্থলীত উপস্থিত থকা লোকে আটক কৰা বন্দুকধাৰীটোক নাৰায়ণ সিং চৌধাৰী বুলি চিনাক্ত কৰা হৈছে। গুৰদাছপুৰৰ ডেৰাবাবা নানকৰ বাসিন্দা নাৰায়ণ সিং দল খালছাৰ সদস্য আৰু ২০১৩ চনত বেআইনী কার্যকলাপ প্ৰতিৰোধী আইন (ইউএপিএ)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। খালিস্তানীৰ সম্পর্কিত নাৰায়ণ সিং খালিস্তান লিবাৰেচন ফ’ৰ্ট আৰু আকাল ফেডাৰেচনৰ সৈতে জড়িত হৈ আছে। ২০১৩ চনৰ ২৮ ফেব্ৰুৱাৰীত টার্ন টৰণৰ জালালাবাদ গাঁৱৰ পৰা আৰক্ষীয়ে নাৰায়ণ সিঙক গ্ৰেপ্তাৰ কৰিছিল। সোধা-পোছাৰ অন্তত নাৰায়ণ সিঙৰ জিম্মাত থকা কেইবাটাও অস্ত্র-শস্ত্র উদ্ধাৰ কৰা হৈছিল। ২০১৮ চনত জামিনত মুক্তিলাভ কৰিছে নাৰায়ণ সিঙে। আন এক তথ্য মতে, ১৯৮৪ চনত নাৰায়ণ সিঙে পাকিস্তানলৈ গৈছিল আৰু পঞ্জাবলৈ অস্ত্র-শস্ত্র, বিস্ফোৰক সৰবৰাহ কৰাৰ কামত জড়িত আছিল। কি কাৰণত নাৰায়ণ সিঙে বাদলক হত্যা কৰিবলৈ বিচাৰিছিল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।