আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ উদ্যোগত এখনি চিত্ৰ ভাস্কৰ্য্য, আবৃত্তি আৰু নৃত্য কৰ্মশালা

আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ উদ্যোগত এখনি চিত্ৰ ভাস্কৰ্য্য, আবৃত্তি আৰু নৃত্য কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা-আগন্তুক গ্ৰীষ্মকালীন বন্ধত ইণ্ডিয়া বুক অফ ৰেকৰ্ডচ, এচিয়া বুক অফ ৰেকৰ্ডচ ৰ অধিকাৰী গুৱাহাটী মহানগৰীৰ চছলত অৱস্থিত অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ উদ্যোগত এখনি চিত্ৰ ভাস্কৰ্য্য, আবৃত্তি আৰু নৃত্য (পৰিবেশ্য কলাৰ ) কৰ্মশালা ১০ দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব । এই কৰ্মশালাত নৃত্য প্ৰশিক্ষক হিচাবে দেশ বিদেশত সমাদৃত পৰিবেশ্য কলাৰ নৃত্য প্ৰতিষ্ঠান ‘সূত্ৰধাৰʼ, নগাঁৱৰ সঞ্চালক বিশিষ্ট নৃত্য প্ৰশিক্ষক গৌৰৱ হাজৰিকা আৰু সহযোগী প্ৰশিক্ষিকা পৰিবেশ্য কলাৰ উচ্চ ডিগ্ৰী ধাৰী মূৰ্চনা মহন্ত ই প্ৰশিক্ষণ প্ৰদান কৰিব। চিত্ৰ- ভাস্কৰ্য প্ৰশিক্ষক হিচাবে প্ৰবীণ চিত্ৰ- ভাস্কৰ্য শিল্পী অতনু বৰুৱা আৰু আবৃত্তি প্ৰশিক্ষক হিচাবে সৰ্বভাৰতীয় সঙ্গীত ও সংস্কৃতি পৰিষদ, কলিকতা ৰ স্বীকৃতিপ্ৰাপ্ত কাব্য কানন, গুৱাহাটীৰ প্ৰশিক্ষিকা আবৃত্তি বিশাৰদ মীনাক্ষী দেৱী আৰু মঞ্জুলা দেবীয়ে। ১৭ জুলাইৰ পৰা ২৬ জুলাইলৈ অনুষ্ঠিত হ’ব লগীয়া প্ৰশিক্ষণত নিৰ্দিষ্ট বিষয়ত আৰু অভিজ্ঞ ব্যক্তিক প্ৰশিক্ষক হিচাবে লৈ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি হাতত লোৱা হৈছে । প্ৰস্তাৱিত এই কৰ্মশালা নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয় আৰু চছল শতদল শাখা সাহিত্য সভাৰ ৰবীন্দ্ৰনাথ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। কৰ্মশালাত যোগদানৰ বাবে ইচ্ছুক সকলক অহা ১৩ জুলাই ২০২৫ দেওবাৰৰ ভিতৰত ৯৪৩৫৩-৪৮৫৩৬ অথবা ৯৮৬৪১-১০৭০৮ ফোন নম্বৰত যোগাযোগ কৰিবলৈ আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ প্ৰধান অধ্যাপিকা জোনাকী কলিতা তালুকদাৰে অনুৰোধ জনাইছে। লগতে প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলৰ মাজত আবৃত্তি আৰু একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। বহুতো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্ৰশিক্ষাৰ্থী সকলক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ আৰু বিজয়ী সকলক বটা প্ৰদান কৰা হ’ব বুলি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ধনঞ্জয় তালুকদাৰে জানিবলৈ দিয়ে।