আএলিতা আৰ্ট এণ্ড ক্ৰাফট বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাৰ ফলাফল আৰু বঁটা বিতৰণী সভা

আএলিতা আৰ্ট এণ্ড ক্ৰাফট বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাৰ ফলাফল আৰু বঁটা বিতৰণী সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ মহনগৰীৰ চছলত অৱস্থিত নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ত অসম চৰকাৰৰ পঞ্জীয়ন ভুক্ত, ভাৰত চৰকাৰৰ এম এছ এম ই আঁচনিত অন্তৰ্ভুক্ত ইণ্ডিয়া বুক অফ ৰেকৰ্ডচ, এছিয়া বুক অফ ৰেকৰ্ডচ ছলান বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড, লণ্ডন বুক অফ ৱৰ্ল্ড ৰেকৰ্ড আমেৰিকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ড আদি বিভিন্ন ৰেকৰ্ডেছ ৰে সমৃদ্ধ আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ বাৰ্ষিক পৰীক্ষাৰ ফলাফল আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম পশু বিজ্ঞান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা ʼভাৰত গৌৰৱʼ বটা বিজয়ী ড° মিনেশ্বৰ হাজৰীকাই লগতে এক মননশীল বক্তৃতাৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে৷ অনুষ্ঠানত সন্মানীয় অতিথি হিচাবে বিশিষ্ট সমাজ সংগঠক দীপাংকৰ কলিতা, নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অৱণী শৰ্মা, বিশিষ্ট সাংস্কৃতিক সংগঠক ধৰ্মেন্দ্ৰ টেৰণে আকৰ্ষণীয় বক্তৃতাৰে উপস্থিত সকলোকে উৎসাহিত কৰাৰ লগতে আএলিতা আৰ্টছ এণ্ড ক্ৰাফট বিদ্যালয়ৰ যোৱা দুবছৰত চিত্ৰ ভাস্কৰ্য শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে অভিনন্দন জনায় , দৈনিক পূৰ্বোদয় কাকতৰ ষ্টাফ ৰিপোৰ্টাৰ সন্তোষ দাস, শিল্পী অময়া দাস আদি ব্যক্তিসকলে উপস্থিত থাকি বঁটা বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰে ৷ ৰেইনবʼ শ্ৰেণীত যথাক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে শুভজিৎ দত্ত, কৰণজিৎ ডেকা আৰু শিৱাঙ্গী বৰাই। চিত্ৰাঙ্গদা শ্ৰেণীত ধনমণি নাথে প্ৰথম স্থান, যুগান্তজিৎ বৰাই দ্বিতীয় আৰু হিৰক দাসে তৃতীয় স্থান লাভ কৰে। অঙ্কন- আচাৰ শ্ৰেণীত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে যথাক্ৰমে বনʼজিত ৰায়, ৰন্তু বৈশ্য আৰু মনিন্দ ৰায়ে। প্ৰথম বৰ্ষত ময়ুৰদ্বীপ তালুকদাৰে প্ৰথম, কপিল ৰায়ে দ্বিতীয় আৰু অঞ্জুমণি বৰ্মণে তৃতীয় স্থান লাভ কৰে। বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷ লগতে বিদ্যালয়ৰ শ্ৰেণীকোঠাত ১০০ শতাংশ উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক বিশেষ পুৰস্কাৰ প্ৰদান কৰা হয় ৷ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা সভাত বিদ্যালয়ৰ প্ৰধান অধ্যাপিকা জোনাকী কলিতা তালুকদাৰে উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৯৩ টা বিশেষ চিত্ৰ- ভাস্কৰ্য বিষয় অন্তৰ্ভুক্ত এই বিদ্যালয়খনত নামভৰ্তি বাবে প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি প্ৰধান অধ্যাপিকা তালুকদাৰে জানিবলৈ দিয়ে।ইয়াৰ পিচত অসম সংগীতেৰে সভাৰ সফল সমাপ্তি ঘটে ৷