আউনীআটী,গোসাঁইগাঁও বাসীৰ চকুলো

কুম্ভকৰ্ণৰ সুখ নিদ্ৰা তথা
আউনীআটী,গোসাঁইগাঁও বাসীৰ চকুলো

দেৱাশীষ গোস্বামী,ৰঙিলী বাৰ্ত্তাসেৱা- নীল আৰ্মষ্ট্ৰং,এডুয়িন এলড্ৰিন আৰু মাইকেল কলিন্সে ১৯৬৯ চনৰ ১৬ জুলাই তাৰিখে চন্দ্ৰপৃষ্ঠত অৱতৰন কৰি বৃহৎ বৃহৎ গাত বোৰৰ সৈতে পৃথিৱীলৈ প্ৰেৰণ কৰা চন্দ্ৰপৃষ্ঠৰ ফটোবোৰৰ লগত উপৰোক্ত ফটোখিনিৰ সাংঘাটিক সাদৃশ্য নাইনে বাৰু?নাইবা সভ্যতাৰ সম্পূৰ্ণ পোহৰ নপৰা অতি দুৰ্গম অঞ্চলৰ বাট পথ যেন লগা নাইনে বাৰু?পিছে মৰণফাণ্ড সদৃশ উক্ত পথটো নগাঁও জিলাৰ লগতে অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ ১২৬ ফুট উচ্চতাৰ পৃথিৱীৰ সৰ্ববৃহৎ লিঙ্গাকাৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ প্ৰবেশৰ মূল পথ সমূহৰ এটা।প্ৰতিদিনে শত সহস্ৰজন দৰ্শনাৰ্থীৰ লগতে গোসাঁইগাঁও তথা ওচৰে পাজৰে থকা কেইবাখনো গাৱৰ মূল সংযোগী পথ আউনীআটী হৈ অহা এই পথটোৱেই। নগাঁৱৰ দিশৰ পৰা আহি আউনীআটী গেটৰ সন্মুখত থকা ‘U’ টাৰ্ণটোৰে দুই এজনে আউনীআটীৰ উক্ত জৰাজীৰ্ণ পথটো এৰাই চলিবলৈ যথেষ্ট এছোৱা বাট অতিক্ৰম কৰি নৰ্তম গাৱৰ পথটো ব্যৱহাৰ কৰা দেখা যায় যদিও আকাশলঙ্ঘী পেট্ৰল,ডিজেলৰ দামৰ দিনত গৰিষ্ঠ সংখ্যকেই বাধ্য উক্ত জৰাজীৰ্ণ পথটোৱেই ব্যৱহাৰ কৰিবলৈ।পুনৰ গোসাঁইগাৱৰ পৰা ওলাই আমনি মিছা তথা উজনিৰ ফালে যাবলৈ আউনীআটীৰ পথটোৱেই হাইৱে লৈ একমাত্ৰ চমু পথ।পিছে উপযুক্ত মেৰামতিৰ অভাৱত দায়িত্বত থকা সংশ্লিষ্ট মহলৰ কুম্ভকৰ্ণ নিদ্ৰাৰ বাবে উক্ত পথেদি অহা যোৱা কৰা অসংখ্য যাত্ৰী তথা মূলতঃ আউনীআটী বাসীয়ে যথেষ্ট জীয়াতু ভুগিবলগীয়া হৈছে।নগাঁও দিশেৰে আহি আউনীআটী তথা পাৰ্শ্বৱৰ্তী এলেকা সমূহৰ মূল প্ৰবেশ পথটোৰ জৰাজীৰ্ণ অৱস্থাই আউনীআটী শাখা সত্ৰৰ লগতে মহামৃত্যুঞ্জয় মন্দিৰলৈ অহা ভক্ত গণৰ আনন্দ যথেষ্ট হ্ৰাস কৰাৰ লগতে যি কোনো সময়ত এক ভয়ংকৰ দুৰ্ঘটনাৰ অশনি সংকেত কঢ়িয়াই আনিছে। এতিয়া মাথো অপেক্ষা উক্ত পথছোৱাৰ দায়িত্বত থকা সংশ্লিষ্ট মহলৰ সুখ নিদ্ৰা ভংগ হোৱালৈ।