তেওঁ আন্ধাৰবোৰক দুকাষে ৰাখি
এটি পোন সমতল পথেৰে খোজ দিয়ে।
দিনৰ ৰং সনা পোহৰবোৰলৈ তেওঁৰ বৰ ভয়
পোহৰৰ ভয়াৰ্ত ৰশ্মিয়ে তেওঁৰ চকু চাট্ মাৰে।
নগ্ন মানুহবোৰে দিনৰ পোহৰত মুখা পিন্ধি
তেওঁৰ আশে-পাশে ঘূৰে।
জীৱনৰ সঁচা ছবিবোৰে ৰূপ সলাই
কায়াকল্প হৈয়ে তেওঁৰ চকুত ধূলি মাৰে ।
সুৰুযৰ পোহৰত তিৰবিৰাই উঠা
দিনৰ ছবিখনত আবিৰ সানিব নোখোজে তেওঁ
তেওঁৰ বাবে ৰাতিৰ আন্ধাৰবোৰেই শ্ৰেষ্ঠ।
আন্ধাৰবোৰেইতো ছাঁ দিয়ে ভোকাতুৰ নাৰীৰ যন্ত্ৰণাময়ী দিনবোৰক।
আন্ধাৰবোৰেই ঢাকি ৰাখে
ক্ষমতাশালী,মানৱদৰদী কামাতুৰ পুৰুষক ।
আৰু আন্ধাৰবোৰে……
বৰ মৰমেৰে আকোঁৱালি লয়
কোনোবা প্ৰেয়সীৰ বুকুভেদি নিগৰা দুচকুৰ লোটকবোৰক ।
প্ৰতিমঞ্চই ভাষণ দিয়া
আমন্ত্ৰিত বিশিষ্ট বক্তা,দেশৰ সুনাগৰিক তেওঁ!
ওঁঠত কুটিল হাঁহিৰেখা আঁকি
তেওঁৱো জানো হেৰুৱাইছে সুযোগ তমসাৰ ?
এৰা! এন্ধাৰবোৰ বৰ দৰদী!
আন্ধাৰবোৰে তেওঁক বুজে ।
এখন কান্ধ দিয়ে আন্ধাৰে
হিয়া উজাৰি চকুলোবোৰ বোৱাই দিব পৰাকৈ;
ঠেঁচি ঠেঁচি সামৰি ৰখা দুখবোৰক
আন্ধাৰৰ কোলাতে বিদায় দিবলৈ….।
আউঁসীৰ ৰাতি
মই যেতিয়া কাকোৱেই চিনিব পৰা নাছিলো
মানুহজনে অকলশৰে বহি
জোনটিক বিদায় দিয়া দেখিছিলো।
হয়তো তেওঁৱো টুকিছিল দুখৰ চকুলো জোনৰ আগত!
নে জোনটিলৈ চাই শেষবাৰলৈ হাঁহি মাৰিছিল !!