আই – ৰুমী কলিতা দত্ত

আই

ৰুমী কলিতা দত্ত
গাঁও-২ নং কেন্দুগুৰি,ডিব্ৰুগড়

অ’ আই তোৰ চৰণ দুখানি
সেৱিবলৈ বাৰু দিবিনে মোক
গৰ্ভত থাকোতেই মায়ে কৈছিলে
দেশৰ বাবে অৰ্পিম তোক ।
এতিয়া মই বিদ্যালয়ত গৈ
শিকিছোঁ তোৰে কথা
দূৰ কৰিবলৈ বৰ হেঁপাহ জাগে
দুখীয়া-নিচলাৰ বেথা ।
আই তোৰ বাবে লৈছোঁ পণ
নিদিওঁ আনক এৰি
মোৰে এই দেশ মোৰে মাটি
অসমীয়াক নধৰিবি বেৰি  ।
বীৰ লাচিতৰ সন্তান আমি
আকৌ কৰিম ৰণ
অ’ ডেকা-গাভৰু ওলাই আঁহা
সময়ক নেপেলাবা ছন ।
নাঙলৰ সীৰলুত বীজ সিঁচি
কৰিম পৃথিৱী সেউজ
পিতা-মাতা,ভাই-ভনীৰ বাবে
আমিয়েই হ’ম সুৰুয ।
সুৰুয দেশৰ আবিৰ সানি
তেজত গোটাম শক্তি
কনকলতা-মুকুন্দ কাকতি
আছে জন্ম লভি ।
অ’ আই তোৰ চৰণত প্ৰণিপাত কৰোঁ
দিবিনে আই আমাক শক্তি ?