আই মোৰ মৰমৰ আই মোৰ চেনেহৰ- স্বাগতা বৰুৱা গোস্বামী

আই মোৰ মৰমৰ আই মোৰ চেনেহৰ

আই আজি তোলৈ বৰকৈ মনত পৰিছে..

কি কৰিম যাওঁ বুলিলেই যে যাব নোৱাৰো..

আজি তোৰ জন্মদিন

কিনো দিম তোক

কিহেৰে পুজিম তোক

তোৰ ত্যাগৰ বিনিময়

মোৰ জীৱন দিও তোৰ ধাৰ শুজিব নোৱাৰো

আই তোৰ শেতেলি কোলাত

পাওঁ যেন মই জীৱনী শক্তি

তোৰ মৰমৰ আবদাৰত

হ’লো মই ইমান জনী

কেতিয়াবা নিজানত অকলশৰে স্মৃতিৰ মনিকোঠাত প্ৰবেশ কৰো

চাৰিওফালে দেখো মাথো সজীৱতা

তোৰ দুখত দুখী হৈছিলোঁ

মোৰ পৰা কষ্ট পাবি বুলি সদায় সচেতন আছিলোঁ

তোৰ কথামতেই সকলোকে আপোন কৰি পেলাইছোঁ

আই আজি তোলৈ বৰকৈ মনত পৰিছে

আজি যে তোৰ জনমদিন

শেষত তোক জনমদিনৰ হিঁয়াভৰা শুভেচ্ছা জনালো

আই তই কুশলে থাক

তাকেই নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ

(জন্মদিনৰ উপহাৰ স্বৰূপে মালৈ আগবঢ়ালোঁ…তোমালৈ সহস্ৰ প্ৰণাম) 🙏

স্বাগতা বৰুৱা গোস্বামী