আই
মীনাক্ষী গোস্বামী
আইৰ শেতেলিৰ কাষত বহি আছোঁ—
নিশব্দ বতাহত ধীৰে ধীৰে বাজে সময়ৰ সুৰ।
বয়সে গৰকা এইজনী আই,
দেহত ক্লান্তিৰ ছাঁ,
কিন্তু মনত এতিয়াও জাগে জীৱনৰ দীপশিখা।
বিধ্বস্ত মন-মগজুৰ মাজেৰে
অলেখ কাহিনীয়ে অগা দেৱা কৰে
স্মৃতিৰ ঢৌবোৰে
তেওঁক মাতি লৈ যায় দূৰ দিগন্তলৈ।
কোনে যেন কৈছিল—বয়স মাথোঁ এটা সংখ্যা,
সঁচাকৈয়ে, ই এক আচৰিত মায়া।
নব্বৈ অতিক্ৰম কৰা মোৰ আই—
তেওঁৰ দিনবোৰ এতিয়াও ব্যস্ততাৰে ভৰা,
যেন সময়েও তেওঁক ধৰি ৰাখিব নোৱাৰে।
ইটোৰ পিছত সিটো চিন্তা,
ঘৰুৱা জটিলতাৰ মাজত সমাধানৰ সন্ধান—
পূৰনি অভ্যাসটো এতিয়াও ৰৈ গ’ল,
জীৱনৰ লগত একাত্ম হৈ । দেহ এতিয়া ক্লান্ত
কিন্তু মন উৰণীয়া,
বাৰে বাৰে উভতি যাব খোজে,সেই দিন বোৰলৈ,
য’ত তেওঁ আছিল এখন ঘৰৰ এটা কঠিন স্তম্ভ।
এই মূহুৰ্ত বোৰে যেন
মোক শিকাই যায়
“জীৱনএখন দীঘলীয়া উপন্যাস,
যাক লিখা হয়
ত্যাগৰ আখৰেৰে,
দায়িত্বৰ ৰঙেৰে,
আৰু অশেষ মৰমৰ সুগন্ধেৰে”।
