আই পি এলত বাৰম্বাৰ সুযোগ লাভৰ পিছতো ব্যর্থ হোৱাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন অসম সন্তান ৰিয়ান পৰাগ

pc- Cricleofcricket.com

আই পি এলত বাৰম্বাৰ সুযোগ লাভৰ পিছতো ব্যর্থ হোৱাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন অসম সন্তান ৰিয়ান পৰাগ

অনলাইন বাৰ্ত্তাসেৱা-  ইউ ও ইত চলি থকা আই পি এলৰ দ্বিতীয় লীগত ৰাজস্থান ৰয়েলছে খেলা তিনিওখন মেচত শোচনীয়ভাৱে ব্যৰ্থ হোৱাৰ পিছত প্ৰতিভাৱান বেট্‌ছমেন ৰিয়ান পৰাগক সমালোচনা কৰে ভাৰতৰ প্রাক্তন ক্রিকেটাৰ তথা জনপ্রিয় ধাৰাভাৰ কাৰ সঞ্জয় মাঞ্জৰেকাৰ, আকাশ চোপ্রাই আৰু ডেল ষ্টেইনে। সঞ্জয় মাঞ্জৰেকাৰে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ শ্বেয়াৰ কৰি ৰিয়ান পৰাগক সমালোচনা কৰে। এই ভিডিঅʼটোত মাঞ্জৰেকাৰে ৰাজস্থান ৰয়েলছক পোনপটীয়াকৈ প্রশ্ন কৰে যে বাৰম্বাৰ ব্যৰ্থ হোৱাৰ পিছতো তেওঁলোকে ৰিয়ান পৰাগব কিয় সুযোগ দি আছে? তেওঁ এনে কি কাম কৰিছে যাৰ বাবে প্রতিবাৰে মূল একাদশত স্থান পায়? ৰিয়ানৰ দীঘলীয়া ব্যৰ্থতাই ৰাজস্থান ৰয়েলছক বিপদত পেলোৱা বুলিও তেওঁ উল্লেখ কৰে।আকাশ চোপ্ৰায়ো অসমৰ ক্ৰিকেটাৰগৰাকী মূল একাদশৰ বাবে যোগ্য নহয় বুলি উল্লেখ কৰিছে। ‘ৰাজস্থান ৰয়েলছে বাৰম্বাৰ কিয় ৰিয়ান পৰাগক সুযোগ দি আছে? তেওঁলোকে কিয় শিৱম ডুবেৰ দৰে খেলুৱৈক ড্ৰেছিং ৰুমত বহুৱাই ৰাখিছে? ৰিয়ানে অদ্ভুত একচনেৰে এক অʼভাৰ বলিং কৰাৰ বাহিৰে এইবাৰ একোৱেই কৰিব পৰা নাই। আনহাতে দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ ডেল ষ্টেইনে আকাশ চোপ্ৰাৰ কথাত একমত হৈ কয় যে ৰিয়ানে খেলপথাৰত ব্যত্ক্ৰমী নৃত্য প্ৰদৰ্শনেৰে চৰ্চা লাভ কৰাৰ বাহিৰে একো কৰিব পৰা নাই। কুমাৰ ছাংগাকাৰাই এই যুৱ খেলুৱৈগৰাকীৰ মাজত কি দেখিবলৈ পাইছে আমি বুজিব পৰা নাই। শিৱম ডুবেই মূল একাদশত স্থান পোৱা উচিত বুলিও ষ্টেইনে উল্লেখ কৰে।