আই পি এছ বিষয়া প্ৰশান্ত কুমাৰ ভূঞাক অসম আৰক্ষীৰ নতুন মুখপাত্ৰ নিযুক্তি

Pc Wikipedia

আই পি এছ বিষয়া প্ৰশান্ত কুমাৰ ভূঞাক অসম আৰক্ষীৰ নতুন মুখপাত্ৰ নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- অসম আৰক্ষীৰ নতুন মুখপাত্ৰ নিযুক্তি দিয়া হৈছে।আই পি এছ বিষয়া প্ৰশান্ত কুমাৰ ভূঞাক দিয়া হৈছে মুখপাত্ৰৰ দায়িত্ব।নতুন আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক নিৰ্দেশনাৰ জৰিয়তে তেওঁক এই দায়িত্ব অৰ্পন কৰিছে।এইগৰাকী বিষয়াই অসম আৰক্ষীৰ সকলো ধৰণৰ তথ্য যোগান ধৰিব।ডিজিপিৰ সৈতে সম্পৰ্কিত সকলো বিষয়ৰো তথ্য তথা মতামত দিয়াৰ দায়িত্ব আই পি এছ বিষয়া ভূঞাক।অসম আৰক্ষীৰে জড়িত সংবাদ বা কোনো বিষয়ত সাংবাদিকৰ আগত মতামত দিয়াৰো দায়িত্ব প্ৰশান্ত কুমাৰ ভূঞাক দিয়া হৈছে।