আই পিতাই তোমালোকলৈ বহুত মনত-শ্ৰী অঞ্জনা দেৱী (মনি)

pc-mindfulword

আই পিতাই তোমালোকলৈ বহুত মনত পৰে ও
আইৰ যত্নতে ডাঙৰ হৈছোঁ
আইৰ আঁচলৰ গোন্ধ লৈয়ে জীৱন দেখিছো,
আইৰ বুকুৰ উমতে প্ৰাচুৰ্য্য বিচাৰি পাইছো,
আইৰ পৰায়ে পাইছিলো
এক মানসিক উৎসাহ ।
শৈশৱতে পিতাই পুখুৰীত জীয়ন দিয়া মাছৰ লগত
মিতিৰালি গঢ়িঁছিলো।
গোহালিৰ গৰু ছাগলীৰ মাতত মোৰ
প্ৰতিটো ৰাতিপুৱাই ।
জোনাকত গা ধুইছিলো,
নিৰ্জন ৰাস্তাত পোহৰ বিলোৱা জোনাকী পৰুৱাৰ
সংগী হওঁ।
আস! সেয়া যে একান্তই
মোৰ জগত ।
প্ৰতিটো গধূলি
মায়ে দিয়া ধুনাৰ মলাৰ পবিত্ৰ
ফুৰফুৰীয়া সুবাসে
চোতালখন বিয়পি পৰিছিল।
কিমান যে মাদকতা ভৰা দিন আছিল!!!
পিতাই ৰুৱা আমৰ গছবোৰত আম কলিৰ
কেঁচা গোন্ধত
আমোলমোলাই
ঘৰৰ চৌহদ।
চুবুৰীয়াৰ হাতো ৰঙা কৰে
পিতাই ৰুৱা জেতুকাজোপা।
মোৰ যে কিমান হেঁপাহৰ আছিল!
বাৰীৰ তুমি ৰুৱা ৰবাব টেঙাৰ যুতি লৈছিলো
লগৰীয়াৰ লগত
গৰমৰ দূপৰীয়াবোৰত।
ডাল ভৰি ভৰি লাগে নেমুজোপা ;
এতিয়া দুটাত দহটকা হ’ল পিতাই ।
পিতাই তুমি যে মোৰ দৰে
সেউজীয়া প্ৰেমী ।
ভাদমহীয়া নামঘৰৰ প্ৰষাদৰ পাতত
তুমি ৰুৱা কল-নাৰিকলৰ ভোগ।
জানানে পিতাই
তোমাৰ কপালৰ ঘামত
পলসুৱা গাঁৱৰ মাটিডৰা,
ফুলনিখন কিম্বা
শাক -পাচলিৰ বাগিছাখন।
বৰকৈ মনত পৰে
তোমালোকৰ লগত কটোৱা
মিঠা সময়বোৰ!!!
নাম -শ্ৰী অঞ্জনা দেৱী (মনি)
ঠিকনা – শান্তিপুৰ ,গুৱাহাটী
ফোন নাম্বাৰ -৮০১১০২৫৯১১