আই আই টিত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ উদ্বোধন

আই আই টিত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ উদ্বোধন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আই আই টি গুৱাহাটীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডাঃজিতেন্দ্ৰ সিং আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ সৈতে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ (আই আই এছ এফ) উদ্বোধন কৰে।  ৩ ডিচেম্বৰলৈ চলিব এই বিজ্ঞান মহোৎসৱ ।  এই বিজ্ঞান মহোৎসৱ উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী ডাঃজিতেন্দ্ৰ সিঙে বিজ্ঞানৰ বৰ্ণমালাৰে বিকশিত ভাৰতৰ কাহিনী ৰচনা হ’ব বুলি মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম ৫মাহতে বিজ্ঞানৰ অগ্ৰগতিক লৈ গ্রহণ কৰা হৈছিল ৬টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। যি সিদ্ধান্তৰাজিয়ে ভাৰতৰ বৈজ্ঞানিক অগ্ৰগতিৰ প্রতি দায়বদ্ধতাক প্রতিফলিত কৰিছে। এই সিদ্ধান্তৰাজিৰ ভিতৰত আছিল এক লাখ কোটি টকাৰ ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচন স্থাপন, মহাকাশ ষ্টার্টআপৰ বাবে এহাজাৰ কোটি টকাৰ ভেন্সাৰ ফাণ্ড, বতৰৰ পূৰ্বাভাসৰ বৰ্ধনৰ বাবে মিছন মৌচমৰ শুভাৰম্ভকৰণ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ পথত বৈজ্ঞানিক অগ্রগতি আৰু উদ্ভাৱনৰ প্ৰতি থকা দায়বদ্ধতাৰ কথাও গভীৰভাৱে উল্লেখ কৰে। বিজ্ঞান সংস্কৃতি গঢ়ি তোলাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা এক ভৱিষ্যৎ গঢ় দিব পৰা যাব, য’ত প্রযুক্তি আৰু গৱেষণাই স্বাস্থ্যসেৱাৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনিলৈকে সমাজৰ প্ৰতিটো দিশতে অৰিহণা যোগাব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিজ্ঞান আৰু প্ৰযুক্তিক সর্বাধিক গুৰুত্ব আৰোপ কৰিছে। এই লক্ষ্যৰে বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে বিশ্ব নির্মাণ কেন্দ্ৰ হিচাপে ভাৰত পৰিগণিত হৈছে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বিজ্ঞান যোগাযোগক এক মূল কেন্দ্রবিন্দু হিচাপে অভিহিত কৰে। তেওঁ কয় যে জৈৱ-প্রযুক্তি, মহাকাশ আৰু কৃষি-প্ৰযুক্তিৰ ষ্টার্টআপসমূহ প্রধানকৈ বেংগালুৰু আৰু পুনেৰ দৰে চহৰসমূহৰ পৰা উদ্ভাৱন হৈছে। ইয়াৰ বিপৰীতে সৰু সৰু চহৰসমূহত বিজ্ঞান-প্রযুক্তি আশা কৰা ধৰণে আগবঢ়া নাই। সেয়েহে সৰু সৰু চহৰসমূহ আৰু গ্রামাঞ্চলসমূহৰ পৰা বিজ্ঞান-প্রযুক্তি আৰু ষ্টার্টআপসমূহ উদ্ভাৱনৰ বাবে এক পৰিৱেশ গঢ়ি তোলাত গুৰুত্ব দিছে চৰকাৰে। চাৰিদিনীয়া এই সন্মিলনৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱে উদ্ভাৱন, উৎকৃষ্টতা, বিজ্ঞান আৰু প্ৰযুক্তি বিকাশ তথা সমৃদ্ধিৰ দিশত শক্তিশালীভাৱে অৰিহণা যোগাই আহিছে। গুৱাহাটীত এই মহোৎসৱ আয়োজনে উত্তৰ-পূবৰ বিজ্ঞান আৰু প্ৰযুক্তি বিকাশৰ দিশত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াব। বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্রুত পৰিৱৰ্তনৰ সৈতে অঞ্চলটোক আগুৱাই নিয়াৰ দিশত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ থকা আকাংক্ষা আৰু দায়বদ্ধতাক ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ আয়োজনে প্রতিফলিত কৰিছে। তেওঁ কয়- বিজ্ঞানৰ দ্রুত পৰিৱৰ্তনৰ দিশত এই মহোৎসৱে নতুন অন্বেষণৰ প্রতিশ্রুতি বহন কৰিব। ইয়ং ছাইন্টিস্ট কনক্লেভ, ছায়েন্স ছাফাৰী আৰু টিংকাৰ লেব আদিৰে ছাত্ৰ-ছাত্ৰী আৰু গৱেষকৰ মাজত কৌতূহল জগাই উদ্ভাৱনমূলক চিন্তা-চৰ্চাৰে আগুৱাই নিয়াৰ লক্ষ্য লোৱা হৈছে। অসমৰ ১,৫০০ গৰাকী ছাত্র-ছাত্রীয়ে এই বিজ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰি বিজ্ঞানৰ ক্ষেত্ৰত জড়িত হোৱাটো প্রশংসনীয় বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।