আইৰ সমান হ’ব কোন নৈৰ সমান ব’ব কোন
এগৰাকী মাতৃৰ যি নিস্বাৰ্থ মৰম , ভালপোৱা বোৰ সিয়েহে বুজি উঠিব যি তেওঁক শ্ৰদ্ধা কৰে , মৰম কৰে , সকলো মানে সকলো কথা কৰ্মতে । অকল আই বুলি ক’ব নাযাওঁ লগতে বোপাইৰ সেই একেই নিস্বাৰ্থ মৰম চেনেহয়ো লেখতল’বলগীয়া এক বিষয় ।
আইৰ সমান নিস্বাৰ্থ ভালপোৱা পৃথিৱীত আন দ্বিতীয় জন নোলাব মোৰ বোধেৰে । আইৰ কষ্ট , দুখ , ভাগৰ , নিজৰ যি যি কৰ্মৰাজি , আইৰ সমস্ত খিনি বুজিব লাগিব নিজ নিজ সন্তান সকলে ।
আজিৰ দিনত যে , প্ৰায়ে দেখিবলৈ পোৱা আই বোপাইক চিনি নোপোৱা , বোজা বুলি ভবা নিকৃষ্ট মনৰ মানুহ এচামে নিজৰ নিজৰ আই , বোপাই সকলক বৃদ্ধাশ্ৰমত নি থৈ আহেগৈ । ইয়াতকৈ আৰু বেদনাদায়ক কি হ’ব পাৰে ?
যিয়ে বুজি নুঠিলে যে সেই আই বোপাইয়ে এসময়ত তেওঁলোকক কিমান কষ্টৰে ডাঙৰ দীঘল কৰি পঢ়াই শুনাই মানুহ বনালে । আৰু শেষত গৈ থৈ তেওঁলোকেই চিনি নাপাই আই নো কোন বোপাই নো কোন ।
ধিক্কাৰ এনে মানুহবোৰক । মোৰ বোধেৰে আমিবোৰ সকলোৱে নিজৰ নিজৰ আই বোপাইক সন্মান কৰিব লাগে , তেওঁলোকে আমাৰ বাবে যি যি কৰিলে সেইয়া কিমান যে অতুলনীয় । মানুহে কোৱা নো কি আৰু ভগৱানে সকলো দেখি আছে , সকলোৱে নিজৰ নিজৰ কৰ্মফল পাবই । সকলোৰে দিন সমানে নাযায় ! কাৰোবাৰ হয়টো দুখ হৈছে , কাৰোবাৰ আকৌ সুখ । সকলোৱে সুখ দুখৰ সমভাগী হৈ জীৱন জীয়াই থাকিলেনো কি হ’ব ! ভাল কৰ্ম কৰিলে ভাল ফল আৰু বেয়া কৰ্মত বেয়া ফল ভুগিবলৈ পাবা বুলি শাস্ত্ৰত উল্লেখ আছে যিহেতু । আইৰ মৰম ভালপোৱা বোপাইৰ মৰম ভালপোৱা আমাৰ প্ৰতি চিৰস্থায়ী হৈ থাকক ।
লখিমী শৰ্মা
যোৰহাট